শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে

শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷

Monday, 11 February 2013

বুকুত অসুখ....



     -জয়শ্ৰী মেচ

বুকুত অসুখ....
আজি বহু দিনৰে পৰা
আধুনিক যুগৰ আধুনিক অসুখ
বুকুৰ বিষে কুঙা কৰি ৰাখে অহৰহ...
তথাপি মই হাঁহো
হাঁহি হেনো মহৌষদ
এৰা..................!!
ঔষদৰ কামেইটো এনেকোৱা
মৰিবও নিদিয়ে
এতিয়া মই হাঁহো কেৱল যি বৰ বাবে...
এটা দিন আছিল....
হাঁহিবৰ বাবেই হাঁহিছিলো
হাঁহি হাঁহি ভাগৰি পৰিছিলো      
পুৱা গধূলি কোনো চিন নথকাকৈ  
আইতাই কৈছিল
অনবৰতে হাঁহি থকা....
ছোৱালীৰ গাত লক্ষী নাথাকে...
মায়ে  কৈছিল নাপাই অ ইমান হাঁহিব
......................................
কিমান হাঁহিলোনো...
বয়সৰ জোখেৰে সাতাইছটা বসন্তহে.......
হাঁহি হেপাহ নপলোৱা দিনতেইচোন
হাঁহি বোৰ ঔষধ হৈ পৰিল!!!
হাঁহি হেনো মহৌষধ...
বুকুৰ অসুখৰ বাবে ...
...........
আজি বহু দিনৰে পৰা
বুকুত অসুখ..........॥

Tuesday, 5 February 2013

লক্ষ্যজয়



                   -কিশোৰ গগৈ  

এয়া, ৰজনীৰ প্ৰথম পুৱা
    মেলিলো দুই অক্ষি লক্ষ্যক স্হিৰ কৰি।
থোনুক থানাক কৈ খোজ দিলো
    সাধিবলৈ নিজৰ স্হিৰ লক্ষ্য।।
মুক্ত বিশুদ্ধতাত হৈছো ডাঙৰ
                গতি কৰিছো হবলৈ উপনিত গন্তব্য লক্ষ্যত।
ইচ্ছা জন্মদাতা জন্মদাত্ৰী সকলৰ
    হব অধিষ্ঠিত তেওঁলোকৰ পুত্ৰ নিপুন লক্ষ্যত।।
সহ্য কৰি সহি কষ্ট সৰ্ব ধৰাৰ
    গঢিছে আমাৰ শৰীৰ যোদ্ধাৰ সাজত।
স্হিৰ লক্ষ্য-যুদ্ধৰ অপৰাজেয় যোদ্ধা
    জয়ী হবলৈ নেওচি হাজাৰ বাধা।
দিছে সান্তনা সাধিছে উৎসাহ
    অতিক্ৰম কৰি পৰ্বত-পাহাৰ, হাবি-জংঘল।
কৰিছে কাকূতি বিধাতাৰ চৰণত
    প্ৰণিপাত জনাইছে উদ্দেশি লক্ষ্যজয়ৰ।
যাতে নুঠে প্ৰশ্ন পৰাজয়ৰ
    কৰিম সহিষ্ঞুতাৰে অহোপুৰুষাৰ্থ।
কৰিম সপোন দিঠকত পৰিণত
    পৰিবৰ্তন কৰিম মাতৃৰ কান্দোন হাঁহিত।
হৈ ৰব মোৰ নিঃকিন প্ৰজা
    বিধাতাৰ গৃহ স্বৰ্গ ৰূপত।
অপূৰ্ব উজ্বল জকমকনিৰে জকমকাই
    সাক্ষী হৈ ৰব মোৰ লক্ষ্যজয়ৰ॥

Monday, 4 February 2013

শংকৰদেৱৰ বিষয়ে এটা টোকা


বিশ্বজিত সূত্ৰধৰ


শংকৰদেৱে কেইবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল সেই বিষয়ে বহু কথাই জনা যায়, কিন্তু সেইবোৰৰ শুদ্ধ বিজ্ঞানসন্মত বিশ্লেষণ বৰ বেছি হোৱা নাই৷ অৰ্থাত সকলো কথাই এতিয়ালৈকে বুৰঞ্জীৰ পৰ্যায়ত আছে, ইতিহাসত পৰিণত সম্পূৰ্ণৰূপে হোৱা নাই৷ মই ভাবো এতিয়ালৈকে শংকৰদেৱৰ এখন বেছি সম্পূৰ্ণ আৰু নিৰপেক্ষ জীৱন চৰিত ৰচিত হোৱাৰ অৱকাশ আছে৷ শংকৰদেৱৰ জীৱনী গ্ৰন্থৰ ভিতৰত বেজবৰুৱাৰখনৰ গুৰুত্ব অনস্বীকাৰ্য৷ নেওগেও বহুখিনি কথা আলোচনা কৰিছে৷ শিৱনাথ বৰ্মনৰ কিতাপখন অতি গুৰুত্বপূৰ্ণ৷ তথাপিও শংকৰদেৱৰ বিষয়ে এতিয়াও বহু কথা এক্সপ্লোৰ কৰিবলগীয়া আছে৷ নতুন প্ৰজন্মৰ লেখকসকলে এনে ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি অহা উচিত হব৷ অন্যথায়ী আমি ভগৱান শংকৰদেৱৰহে গুণ গাম, মানুহ শংকৰদেৱক বিচাৰি নাপাম৷ প্ৰকৃততে অকল কথা গুৰু চৰিততে নহয়, আন গুৰু চৰিতকেইখনতো শংকৰদেৱৰ ভ্ৰমণৰ বিষয়ে বৰ্ণনা আছে৷ মই ভাবো যে তেওঁ ভ্ৰমণলৈ যোৱা কথাতো শুদ্ধ, কিন্তু সকলোখিনি কথা কিছু খেলিমেলিপূৰ্ণ৷ আচলতে শংকৰদেৱৰ জীৱনী হিচাপে যিখিনি চৰিত-পুথি আছে, সেইখিনি এক প্ৰকাৰৰ পুৰাণৰ নিচিনা বুলিও কব পাৰি৷ আধুনিক কালৰ দাঙৰীয়া দীননাথৰ চৰিতখনো কাহিনীৰ লখিয়া৷ শংকৰদেৱৰ সঁচা জীৱনী ৰচনাৰ প্ৰথম প্ৰয়াস কৰে বেজবৰুৱাই৷ তেওঁৰ পাছত নেওগ আৰু সত্যেন্ত্ৰনাথ শৰ্মাই কিছু আধুনিক দৃষ্টিভংগীৰে শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰে৷ কিন্তু সঁচা অৰ্থত বিজ্ঞানসন্মত দৃষ্টিৰে শংকৰদেৱৰ অধ্যয়নৰ বাট কটা মানুহকেইজন হল ড. হীৰেন গোঁহাই, ড. শিৱনাথ বৰ্মন, অনিল ৰায়চোধুৰী আদি৷ মই ভাবো আমাৰ কৰণীয় আৰু বহুত আছে এই ক্ষেত্ৰত৷
এতিয়া অন্য এটা কথালৈ অহা যাওক৷ মই এটা কথা বিশ্বাস কৰো যে শংকৰদেৱ বিশ্বৰ এক বিৰল প্ৰতিভা৷ কিন্তু যধেমধে শংকৰদেৱক অসমীয়া জাতিৰ পিতা, শংকৰদেৱে অসমীয়াক সংস্কৃতি দিলে, ভাষা দিলে, শংকৰদেৱ বিশ্বৰ আটাইতকৈ প্ৰতিভাশালী মানুহ জাতীয় কথাবোৰ কোৱা উচিত নহয়৷ উদাহৰণ হিচাবে আজি কিছুদিন আগতে মই ফেইচবুকত লিখিছিলো যে নাট্যকাৰ হিচাবে শংকৰদেৱতকৈ চেইকছপীয়েৰ শ্ৰেষ্ঠ৷ মোৰ কথাটো শুনি কিছুমানে জকজকাই উঠিল আৰু দুজনমানে সাপো মৰক লাঠিও নাভাঙক জাতীয় মন্তব্য দিলে৷ কোনেও কিন্তু মোৰ কথাটোৰ মৰ্মত প্ৰেৱশ কৰিবলৈ চেষ্টা নকৰিলে৷ শংকৰদেৱৰ প্ৰতিভা অতুলনীয় সঁচা, কিন্তু আপুনি চেইকছপীয়েৰৰ নাটকৰ মাজেৰে প্ৰতিভাত হোৱা জীৱন-জিজ্ঞাসাৰ লগত শংকৰদেৱৰ নাটকৰ জীৱন-জিজ্ঞাসাক তুলনা নকৰিব৷ চেকছপীয়েৰৰ মাজত প্ৰত্যেক মানুহেই সহজতে নিজকে বিচাৰি পায়, তাৰ বিপৰীতে শংকৰদেৱে দেৱ-দেৱতাক লৈ নাটক ৰচনা কৰিছে, তাৰ মাজত জীৱন-জিজ্ঞাসাক হয়তো কষ্টকৰভাবে কিছু বিচাৰি পোৱা যাব পাৰে৷
এইবাৰ বুদ্ধৰ কথা কোৱা যাওক৷ নিসন্দেহে বুদ্ধ মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠ মনীষী৷ শংকৰদেৱে আমাক সাহিত্যৰে চহকী কৰিছে, আমাৰ ভাষাক ধনী কৰিছে আৰু আমাক এটা ধৰ্ম দিছে৷ তাৰ বিপৰীতে বুদ্ধই কিন্তু মানুহক এটা পথ দিছিল৷ এটা মানৱীয় পথ৷ বিশ্বৰ মহত্বম আত্মা বুদ্ধৰ লগত আন কাকোৱে তুলনা কৰা উচিত নহব৷
মহাপুৰুষ শংকৰদেৱক বহুতে লিওনাৰ্ড ডা ভিন্সিৰ লগত তুলনা কৰে৷ এই কথাটো মানি লব পাৰি৷ শংকৰদেৱ মহান পুৰুষ, তেও পতিত সমাজ এখনক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিল৷ তেওঁ সাহিত্য সৃষ্টি কৰিছিল, নাট-ভাৱনা কৰিছিল, সংগীত সৃষ্টি কৰিছিল৷ বহুমুখী প্ৰতিভা হিচাপে তেওঁ বিশ্ব-প্ৰতিভা৷ হয়তো অসমীয়াৰ দৰে এটা সৰু-নাতিখ্যাত ভাষিক সম্প্ৰদায়ত নজন্মিলে তেওঁ বিশ্বৰ সকলো প্ৰান্ততে বিখ্যাত হলহেতেন৷ কিন্তু যথোপযুক্ত প্ৰচাৰৰ অভাৱত শংকৰদেৱে বিশ্বজোৰা স্বীকৃতি এতিয়াও পাবলৈ সক্ষম হোৱা নাই৷
আলোচনা সদায়ে যাথাৰ্থ হব লাগে৷ কাকোৱে প্ৰাপ্যৰ পৰা বঞ্ছিত কৰিব নালাগে আৰু কাকোৱো প্ৰাপ্যতকৈ অধিক প্ৰদান কৰিব নালাগে৷ শংকৰদেৱৰ নামত আৱেগিক হৈ আবোল-তাবোল বকা মানুহ অসমত দেধাৰ ওলাব৷ কিন্তু শংকৰদেৱক সমালোচনাৰে পুৰি বেছি উজ্জ্বল কৰাৰ প্ৰচেষ্টা কোনেও কৰিবলৈ আগ্ৰহী নহয়৷ বহুদিন আগতে মণি-কাঞ্চননামৰ এখন আলোচনীত প্ৰায়ত মহেশ্বৰ নেওগে এটা বৰ সাধাৰণ স্তৰৰ কথা কৈছিল৷ তেওঁ কৈছিল যে শংকৰদেৱৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতি (সোঁৱৰণীৰ পৰা দিছো, অলপ ভুল হব পাৰে)৷ নেওগদেৱৰ এনে এটা কথা মানি লব কোনো কাৰণতেই নোৱাৰি৷ তাৰোপৰি বহুতে আৱেগত উথলি উঠি কোৱাৰ দৰে শংকৰদেৱ অসমীয়া সাহিত্যৰ পিতৃ, অসমীয়া ভাষাৰ পিতৃ জাতীয় কথাবোৰো মানি লোৱা উচিত নহয়৷ আনকি ব্যক্তিগতভাৱে মই শংকৰাব্দ নামৰ বছৰ গণনা পদ্ধতিটোও সমৰ্থন নকৰো৷ কিয় নকৰো তাৰ এটা কাৰণ আছে কিন্তু৷

(মূল-সাহিত্য ডট অৰ্গ)


ৰাজ্যসভাৰ সদস্য আৰু উত্তৰ-পূৰ্বাঞ্চল


                                      -টুৱাৰাম দত্ত        
    

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ নীতি-নিৰ্ধাৰক সিদ্ধান্ত লবৰ সময়ত ৰাজ্যসভাৰ সদস্যসকলৰ প্ৰভাৱ যথেষ্ট থাকে ৷ একোজন অধ্যয়নপুষ্ট, চিন্তাশীল, গুণী ৰাজ্যসভাৰ সদস্যই বিভিন্ন সময়ত তেখেতৰ গঠনমূলক তথা সুচিন্তিত পৰামৰ্শৰ দ্বাৰা চৰকাৰখনক গতিশীল, সক্ৰিয় আৰু উদেশ্যমুখী কাৰ্যসূচী তৈয়াৰ কৰাত অপৰিসীম বৰঙণি যোগাব পাৰে ৷ ৰাজ্যসভাৰ মাননীয় সদস্যসকলৰ পৰা এনেধৰণৰ যোগাত্মক সঁহাৰি আশা কৰিয়েই বিভিন্ন ক্ষেত্ৰত অৰ্জন কৰা দক্ষতা , অভিজ্ঞতাৰে পৰিপুষ্ট অৰাজনৈতিক ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰিব পৰা ব্যৱস্থা আছে দেশৰ সংবিধানত আছে ৷ তেনে ব্যৱস্থাৰ মাজেৰে লতা মংগেশকাৰ, জয়া ভাদুড়ী, শচীন তেণ্ডুলকাৰ আদিয়ে ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছে ৷ তেওঁলোকে দীৰ্ঘ দিনধৰি জড়িত থকা নিজ নিজ ক্ষেত্ৰখনৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক নীতি-নিৰ্ধাৰনৰ সময়ত সহায় কৰিব পাৰে বা ইতিমধ্যে ভালেকেইজনে সহায় কৰি আহিছে ৷
আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ বেলিকা লক্ষ্য কৰিলে এটা কথা দুখেৰে অনুভৱ কৰা যায় এই অঞ্চলৰ পৰা ৰাজ্যসভালৈ মনোনীত সদস্য নাইয়েই। বিজেপিৰ শাসন কালত প্ৰয়াত সুধাকন্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ নাম ঘুনুক-ঘানাক কৈ ওলাইছিল যদিও তাৰ  বাস্তৱ প্ৰতিফলন নঘটিল।৷ শেহতীয়াকৈ ড০ মৃণাল মিৰিদেৱ মনোনীত হোৱাটো অঞ্চলটোৰ বাবেই আশাব্যঞ্জক খবৰ ৷ কিন্তু আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলত যোগ্য ব্যক্তি ভালেকেইজন আছে ৷ বিশিষ্ট অৰ্থনীতিবিদ ড: জয়ন্ত মাধৱ, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ কাকতি আদিৰ দৰে বিচাৰি চালে ভালেকেইজন ব্যক্তিয়েই ৰাজ্যসভালৈ মনোনীত হবৰ উপযুক্ত আৰু যোগ্য ৷ তেওঁলোকৰ দৰে ব্যক্তিয়ে সুবিধা পালে অঞ্চলটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সংসদত উপস্থাপন হোৱাৰ লগতে  কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰি সামগ্ৰিকভাৱে অঞ্চলটোৰ উন্নয়নত অৰিহণা যোগোৱাৰ পথ প্ৰশস্ত হব পাৰে।কোনোবাই এনে একোটা বিষয় লৈ কেতিয়াবা মূৰ ঘমাবনে ?

আমাৰ অসমত ৰাজ্যসভাৰ সদস্য পদ এটা যেতিয়া খালী হয় আমি কি দেখো  শাসনত থকা দলটোৱে (শাসক দলৰ বাবে বিধানসভাৰ মজিয়াত ৰাজ্যসভাৰ প্ৰাৰ্থীজন জিকোৱাৰ সম্ভাৱনা বেছি ) বিধানসভা বা লোকসভাৰ নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়ে  বা কেতিয়াবা দলৰ ভিতৰত সমস্যাৰ সৃষ্টি কৰি দল বা চৰকাৰৰ হানি কৰিব পৰা প্ৰভাৱশালী ব্যক্তিক সন্তুষ্ট কৰি ৰাখিবৰ বাবে কোনো নেতা বা লোকক প্ৰাৰ্থিত্ব দিয়া হয় ৷ কিন্তু এই ধৰণৰ কথা-কাণ্ডবোৰ কিমানদূৰ যুক্তিসংগত ? কংগ্ৰেছ, অগপ, বিজেপি যি দলেই নহওক দলীয় ৰাজনীতিৰ ঊৰ্ধত সমগ্ৰ ৰাজ্যখন বা অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত এজন প্ৰকৃতাৰ্থত চিন্তাশীল, গুণী ব্যক্তিক নিৰ্বাচিত কৰি ৰজ্যসভালৈ পঠিয়াব নোৱাৰাৰ কিবা যুক্তি থাকিব পাৰেনে ? যুক্তিৰ খাতিৰত মানি লোৱা হল মনোনীত সদস্যৰ ক্ষেত্ৰত অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক প্ৰভাৱহীনতাৰ বাবেই নতুন দিল্লীয়ে আমাক অৱজ্ঞা কৰিব ৷ ৰাষ্ট্ৰীয় ৰাজনীতিত বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদিৰ দৰে আমাৰ প্ৰভাৱ যিহেতু শক্তিশালী নহয় গতিকে এনেধৰণৰ উপেক্ষা গ্ৰহণ কৰাৰ বাদে আমাৰ অন্য উপায় নাই ৷ কিন্তু আমি নিজেই বিধানসভাৰ সদস্যৰ দ্বাৰা নিৰ্বাচিত কৰি ৰাজ্যসভালৈ পঠিয়াব পৰা সদস্যৰ ক্ষেত্ৰত কিয় সঠিক আৰু সুস্থিৰ সিদ্ধান্ত লব পৰা নাযায় ?
আমি কি কৰিব পাৰো ? সাধাৰণ নাগৰিক হিচাপে আমি কি কৰা উচিত ? প্ৰত্যেকটো বিধানসভা বা লোকসভাৰ নিৰ্বাচনৰ আগে আগে আমি প্ৰতিটো দলক প্ৰশ্ন কৰা উচি আপোনালোকে সুবিধা পালে ৰাজ্যসভালৈ কাক পঠিয়াব? সেইটো প্ৰথমে স্পষ্ট কৰক।৷ প্ৰয়োজন হলে আগতীয়াকৈ ৰাজ্যসভাৰ প্ৰাৰ্থীজনৰ নাম ঘোষণা কৰক।৷ ৰাজ্যসভাৰ সদস্য পদ এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদ ৷ ই বিচৰাখিনি নেপাই মুখ ওফোন্দাই থকা অসন্তুষ্ট ৰাজনীতিবিদৰ খেলাৰ পুতলা নহয় ৷ ৰাজ্যসভালৈ মন মেলি থকা তোমালোকৰ প্ৰাৰ্থীজন কিমান যোগ্য? তেওঁৰ অসমৰ সাম্প্ৰতিক সমস্যা বা সংকটৰ বিষয়ে অধ্যয়ন আছেনে ? অসমৰ কথা বলিষ্ঠভাৱে সংসদত উপস্থাপন কৰিব পাৰিবনে ? দিল্লীৰ মছনদত বুকু ডাঠ কৰি অসমৰ স্বাৰ্থৰ হকে কাম কৰিব পাৰিবনে ?
এটা কথা অস্বীকাৰ কৰি লাভ নাই যে ৰাষ্ট্ৰীয় ৰাজনীতিত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চল প্ৰভাৱহীন ৷ স্বয়ং প্ৰধানমন্ত্ৰীয়েই অসমৰ প্ৰতিনিধি, কথাষাৰ শুনিবলৈ যিমান শুৱলা সিমানেই অৰ্থহীন, সেয়া যোৱা সাত-আঠ বছৰৰ অভিজ্ঞতাৰ পৰা সকলোৱে একেমুখে স্বীকাৰ কৰিব ৷ বিগত সাত-আঠ বছৰে অসমৰ পৰা এজনো কেবিনেট পৰ্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী নাই ৷ স্বতন্ত্ৰ দ্বায়িত্বৰ ৰাজ্যিক মন্ত্ৰীজনৰ স্বতন্ত্ৰতা পৰিহাৰ কৰি কেৱল ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হল ৷ মেঘালয়ৰ মন্ত্ৰীজনৰ মন্ত্ৰিত্ব কৰ্তন কৰি অৰুণাচলৰ এজনক দিয়া হল ৷ একে অঞ্চলৰ বুলি গুজৰাটৰ এজনৰ মন্ত্ৰিত্ব কৰ্তন কৰি মহাৰাষ্ট্ৰৰ এজনক মন্ত্ৰীত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে সাহস কৰিব পাৰিবনে ?
আমাৰ সংবাদ মাধ্যমেও এইক্ষেত্ৰত এক শক্তিশালী জনমত গঠন কৰিবলৈ আগবাঢ়ি অহা উচিত ৷ ৰাজ্যসভাৰ সদস্য এজন অযথা হুলস্থূলৰ সৃষ্টি কৰা তৰাং চিন্তাধাৰাৰ তুলুঙা ব্যক্তি নহয় ৷ ৰাজনৈতিক মুনাফাৰ আশাত অনাহক ইছ্যুৰ সৃষ্টি কৰা ব্যক্তিও হব নোৱাৰে ৷ সমস্যা এটাক দীৰ্ঘ দিন জীয়াই ৰাখি কেৱল ৰাজনীতিৰ ৰঙীন বিতচকুৰে লাভালাভৰ আকাংক্ষাৰে পৰিচালিত ব্যক্তিও হব নোৱাৰে ৷ এইটো এটা সন্মানীয় পদ ৷ ইয়াত উপযুক্ত আৰু যোগ্য ব্যক্তি নিৰ্বাচিত হবই লাগিব ৷ তদুপৰি মনোনীত অৰাজনৈতিক সদস্যৰ ক্ষেত্ৰত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলে প্ৰকৃত প্ৰতিনিধিত্ব পাব লাগিব |

(মূল-সাহিত্য ডট অৰ্গ)



Saturday, 2 February 2013

বুঢ়ী আইৰ সাধু


সৰবজান
লক্ষ্মীনাথ বেজবৰুৱা         

          কোনো এখন গাঁৱত ফৰিং নামেৰে এটা খেতিয়ক মানুহ আছিল। মানুহটোৰ ঘৈণীয়েকজনী আপোন-পেটীয়া ভাৱৰ আছিল। ঘৰখনত মাথোন গিৰিয়েক আৰু ঘৈণীয়েক। সিহঁতৰ সন্তান-সন্ততি হোৱা নাছিল। মাঘমহীয়া অলপ কিনকিনীয়া বৰষুণ। ৰাতিপুৱাই ফৰিঙে শোৱাৰপৰা উঠি ঘৈণীয়েকক কলে,-“আজি ডাৱৰীয়া বতৰ ; মোৰ পিঠা খাবৰ মন গৈছে, তই পিঠা খনচেৰেক ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলিছোঁ।গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে কলে,-“ পিঠালৈ বৰাধান কতা? বৰাধানতো আমাৰ ভঁৰালত নাই।গিৰিয়েকে কলে,-“তেন্তে কি হ? পিঠা খোৱা নহল দেখিছোঁ।ঘৈণীয়েকে উত্তৰ দিলে,-যোৱাচোন কাৰ ঘৰত বৰাধান মাৰিছে চোৱাগৈ।এগাল খুজিয়েই নহয় লৈ আহাগৈ।ঘৈণীয়েকৰ কথা শুনি, গিৰিয়েকে অলপ পৰ তভক মাৰি ভাবি থাকি এটা বুধি সাজি ,গাত এখন এৰীয়া কাপোৰ লৈ ওলাই গল।
ফৰিঙে ওচৰ-চুবুৰীয়া এঘৰত বৰাধানৰ মৰণা এটা দেখি,মৰণাৰ ওচৰতে বহি তাৰ গিৰিহঁতৰ সতে শাক-খোৱা আদি সুখ-দুখৰ নানা কথা পাতিবলৈ ধৰিলে। ভালেখিনি পৰ সেইদৰে কথা পাতি তাতে বহি আছিল। মৰণাৰ ধান সৰিল। গিৰিহঁতে খেৰ জোকাৰি ধানবোৰ এফলীয়া কৰিলে। এনেতে ফৰিঙে তাৰ বৰকৈ পেট কামোৰাৰ ভাও ধৰি গাত লৈ থকা এৰিয়া কাপোৰেৰে সৈতে ধানৰ ওপৰত বাগৰ দিলে। একেই কুকুৱা বৰাধান, তাতে এৰিয়া কাপোৰ, ধানে কাপোৰখন তেনেই সি সি ধৰিলে। ধানৰ ওপৰত ভালকৈ তিনি-চাৰি বাগৰ দি ফৰিং উঠি কেকাই কেকাই লাহেকৈ ঘৰলৈ উভতি আহিল। ঘৰ পাই ফৰিঙে এৰীয়া কাপোৰখন জোকাৰি এদোনমান ধান পালে। ঘৈণীয়েকে বৰাধান দোন দেখি ৰং পাই সিজাই ৰদত শুকাই-উবাই চাউল উলিয়াই পিঠাগুৰি খুন্দিলে। গধূলি ঘৈণীয়েকে ভাত ৰান্ধি ফৰিঙক খুৱাই অঁতাই, পিঠাৰ খোলা পাতি পিঠা ভাজিবলৈ ধৰিলে। ভাত খাই উঠি ফৰিঙৰ টোপনি আহিলত ফৰিং শুই থাকিল। ঘৈণীয়েকে বাৰবুৰি পিঠা ভাজি ডলা এখনত থৈ অঁতাই ,অন্তত সৰহখিনি পিঠা নিজে খাই , মাথোন খনচেৰেক পিঠা বাটি এটাত ভৰাই থৈ দিলে। ঘৈণীয়েকে শুবৰ সময়ত গিৰিয়েকক জগাই কলে,-“ পিঠা ভজা হল। কিন্তু তোমাৰ সৈতে এটা কথা বান্ধো, কালিলৈ ৰাতিপুৱা আমাৰ দুয়োৰে ভিতৰত যেয়ে শোৱাপাটিৰ পৰা আগেয়ে উঠিব, সেয়ে তিনিভাগৰ এভাগ পিঠা খাব, আৰু যি পিছত উঠিব সি, দুভাগ খবলৈ পাব।ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল।
পিছদিনা পুৱা শোৱাপাটিৰ পৰা এটাও নুঠা হল। ৰদ ওলাই পকিব লগা হ, তথাপি দুয়োটাৰে কোনো নুঠে, দুয়ো টোপনিৰ ভাও জুৰি নাক ঘোৰ্ঘোৰাই শুই আছে শেষত ফৰিঙে দেখিলে যে, এইদৰে সি হাল-কোৰ, বন-বাৰি পেলাই থৈ কিমান শুই থাকিব। ঘৈণীয়েকে পিঠা দুভাগ খাওক, সি এভাগকে খাব। ইয়াকে ভাবি সি উঠি আহিল। গিৰিয়েকক উঠি অহা দেখি ঘৈণীয়েকে মাত লগালে,-“তুমি মোতকৈ আগেয়ে উঠিলা, এতেকে তোমাৰ এভাগ মোৰ দুভাগ।গিৰিয়েকে উত্তৰ দিলে,-“ বাৰু তয়ে খাবি দুভাগ।
ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে যে, পিঠা খনচেৰেক হে মাথোন আছে। সি ঘৈণীয়েকক সুধিলে,-“ আৰু পিঠা কতা ?” ঘৈণীয়েকে উত্তৰ দিলে আৰু কৰ পৰা পিঠা ওলাব। যি হৈছিল এটাইবোৰ এই বাটিতে আছে। তুমি তাৰে এভাগ খাই দুভাগ মোলৈ থৈ দিবা।গিৰিয়েকে পেটে পেটে ভাবিলে যে এইটো বৰ আচৰিত কথা, এদোন ধানৰ মুঠেই এই কেইখন পিঠাহে হল। বেৰত আঁৰি থোৱা ডলাখনলৈ এনেতে হঠাত তাৰ চকু গলত সি দেখিলে যে তাত পিঠাৰ সাঁচ বান্ধি আছে। সি সেই সাঁচবোৰ লেখি তিনিকুৰি পালে। কিন্তু ঘৈণীয়েকক সি একোকে নকৈ ওলাই আহি বাহিৰত বহিছিল, এনেতে ঘৈণীয়েকে বটাটো উলিয়াই আনি তাক তামোল চালি কাটি দিওঁতেই, সি তামোল এখন হাতত লৈ, ফঁকৰা মাতিলে,
নঙলাতে মঙল, এছাৰিতে দেও।
তিনিকুৰি পিঠা খালে নাজানিলে কেও।
গিৰিয়েকৰ ফঁকৰাটো ঘৈণীয়েকে বুজিব পাৰি লাজত আগৰপৰা উঠি আহি কাষত কলহলৈ পানী আনিবলৈ নৈৰ ঘাট পালেগৈ। ঘাটত কেইবাজনীও চিনাকী তিৰোতা মানুহ দেখি তাই সিঁহতক সেই কথাটো ভাঙি কলে যে তাইৰ গিৰিয়েক সৰবজান। তিৰোতা মানুহৰ কথা, ইজনী সিজনীৰ কাণত পৰি বহল হৈ গ, আৰু সকলো গঞা মানুহে ফৰিঙক সৰবজান বুলি জানিলে।
ইতিমধ্যে এটা মানুহৰ কলা গৰু এজনী হেৰাইছিল। গৰুৰ গৰাকীয়ে পাঁচদিন সেই গৰুজনী বিছাৰি নাপাই শেষত ফৰিং সৰবজান বুলি শুনি ফৰিঙৰ কাষ পাই গৰুৰ কিবা ভূ ফৰিঙে দিব পাৰেনে বুলি ফৰিঙক সুধিলে। দৈৱক্ৰমে সেইদিনা পুৱা ফৰিঙে তাৰ বাৰীৰ পিছফালে উলুৱনিৰ মাজত সেই কলী গাইজনী চৰি থকা দেখি আহিছিল। সেইদেখি ফৰিঙে তাক কলে,-“বাৰীৰ পিছফালে এইপিনেই বিচাৰি গলে তুমি তোমাৰ গাইজনী পাবা।মানুহটোৱে ফৰিঙৰ কথামতে গৈ থিতাতে গৰুজনী পাই আনিলে। ইয়াৰ পিছত ফৰিং যে বৰ প্ৰমাণী সৰবজান সেই কথা চাৰিওফালে ডহডহীয়া হৈ পৰিল। এই কথা গৈ ৰজাৰ কাণত পৰিলগৈ। ইতিপূৰ্বে ৰজাৰ ঘৰত এক লাখটকা বেচৰ সোণৰ হাৰ এডাল হেৰাইছিল। ৰজাই অনেক বিচাৰ খোচাৰ কৰি সেই হাৰ ডাল উলিযাব নোৱাৰিলে। সেইদেখি ৰজাই সৰবজানক হাৰ উলিয়াই দিবলৈ মাতিলে। এই কথা টেকেলাই ফৰিঙক কলত ফৰিং থিয়ৈ মুচকচ যোৱা যেন হল। নগলেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও কাটিব, আৰু সি সৰবজান নহয় বুলি কলেও ৰজাই কাটিব। এতেকে সি কি কৰিব একো ভাবি নাপা‍ই, যি কপালত থাকে হব বুলি ঈশ্বৰক চিন্তি ৰজাৰ আগত উপস্থিত হলগৈ। ৰজাই সৰবজানক অহা দেখি আদৰ সাদৰ কৰি ঘৰৰ ভিতৰলৈ জলপান খুৱাবলৈ যাবলৈ কলত ফৰিঙক ৰজাৰ ঘৰলৈ লৈ গৈ দৈ গাখীৰ , কোমল চাউল গুৰেৰে ভালকৈ এটা জলপান খাবলৈ দিয়া হল।
ৰজাৰ দুজনী কুঁৱৰী ; এজনীৰ নাম মাদৈ , এজনীৰ নাম হাদৈ। হাদৈয়েই ৰজাৰ সোণৰ হাৰডাল চুৰ কৰি লুকাই থৈছিল। সৰবজান অহা শুনি ধৰা পৰিম বুলি হাদৈৰ মুখত পানী নাই। সেইদেখি সৰবজানে জলপান খোৱা ঘৰৰ ওচৰতে হাদৈয়ে ঠিয় দি বেৰৰ জলঙাইদি জুমি সৰবজানক চাই আছিল। ভয়ত সৰবজানৰ মুখতো পানী নাই। সি দৈ গাখীৰেৰে জলপান বাটি দেখি আপোনা- আপুনি কলে,-“হা দৈ আজিয়েই খাই ল’, কাইলৈ ৰজাই কি কৰে চিন নাই।সৰবজানে এইদৰে কোৱা শুনি সৰু কুঁৱৰী হাদৈয়ে ভাবিলে যে সৰ্বনাশ। মোক সৰবজানে ধৰিলে। ইয়াকে ভাবি কুঁৱৰীয়ে ওলাই আহি সৰবজানৰ হাতত ধৰি কলে,-“ সৰবজান, মোৰ কথা তুমি নকবা, তোমাক যি লাগে মইহ তাকে দিম।সৰবজানে তেতিয়া বুজিবলৈ বাকী নাথকিল যে হাদৈ নামৰ এই ৰাণীজনীয়েই চোৰ। সি গহীন কৈ মাত লগালে,-“আইচু, আপোনাৰ কথা বাৰু নকওঁ, কিন্তু আপুনি হাৰডাল এতিয়াই আনি ৰজাৰ হাতনিপেৰাত থৈ দিয়ক গৈ।সৰবজানৰ কথা মতেই কুৱৰীয়ে হাৰ ডাল নি তেতিয়াই ৰজাৰ হাতনিপেৰাত থৈ দিলে।
পিছদিনা ৰজাই ৰাজসভালৈ সৰবজানক মতাই আনি হাৰ কোনে চুৰ কৰি নিছে কব লাগে বুলি সোধাত সৰবজানে ওলগ লৈ কলে,-“ স্বৰ্গদেউ! বন্দীয়ে কোনেও হাৰ চুৰ কৰা নাপাওঁ। স্বৰ্গদেউৰ হাতনিপেৰাতে হাৰ থকা মোৰ ভাৱ হয়।তেতিয়াই ৰজাই হাতনিপেৰা অনাই মেলি চালে। দেখিলে সঁচা, হাৰ তাতে আছে। কথাটো দেখি সকলো আচৰিত হল। ৰজাই সৰবজানক মাটি-বাৰী, ধন-বস্তু, বটা দি মান ধৰি ৰজাৰ সভাতে সভাসদ কৰি ৰাখিলে।
এদিন ৰজাই হাতৰ মুঠিতে ফৰিং এটা সুমাই মুঠিমাৰি ধৰি সৰবজানক-মোৰ হাতৰ মুঠিত কি আছে কোৱা ?”-বুলি সুধিলত তাৰ তালু ফুটি জীৱ গল যেন পাই, বেজাৰতে কলে, “এক কলো লেখি, এক কলো দেখি, হা দৈ বোলোতে ওলাল হাৰডাল,এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল

           ৰজাই সৰবজানৰ নামটো জনা নাছিল। সেইদেখি,“ ফৰিঙৰ মৰণৰ কালশুনি হাতৰ মুঠিত থকা ফৰিঙৰ কথাটো কৈছে বুলি বুজি সন্তোষ পাই মুঠিৰ ফৰিঙটো এৰি দি সৰবজানক নিজৰ গাৰ সাজ-কাপোৰ সোলোকাই দি বটা পিন্ধালে।
এদিন ৰজাই হাতৰ মুঠিত শেলুক এটা লৈ সৰবজানক-মোৰ হাতৰ মুঠিত কি আছে?”-বুলি সুধিলত সৰবজানে থত-মত খাই কলে,-“স্বৰ্গদেউ, বাৰেপতি শোলকোৰজাই শুনিলে, “বুৰেপতি শেলুক।তেওঁৰ হাতৰ শেলুকৰ কথাহে সৰবজানে কৈছে বুলি সৰবজানক ৰজাই বহুত ধন-সোণ দিলে।
আমাৰ কাপোৰ-কানি কলা হ, আমি ঘৰলৈ উভতি আহিলো।