শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে

শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷

Friday, 8 March 2013

## ভলীবল প্ৰশিক্ষণ শিবিৰ ##





 শালমাৰী দীঘলীয়া যুৱ সংঘৰ উদ্যোগত অহা, ১০মাৰ্চ তাৰিখৰপৰা ১০ দিনীয়া ভলীবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে৷ ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক সংঘৰ ক্ৰী‌ড়া বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনালো৷






Welcome to Tiongkhong Regional Rural Sports Meet (আমত্ৰণ)

page 1


page 2

page 3

page 4

Monday, 25 February 2013

আমন্ত্ৰণ


মাটি


                -জয়শ্ৰী মেচ

টেঙাফুলৰ সূগন্ধিত
উৰি উৰি ভাঁহি থকা
আপোন আপোন গোন্ধ
এয়া মোৰ মাটি
মোৰ ভৰিৰ তলৰ আশ্রয়
যাক লৈ মই অহংকাৰ কৰিব পাৰোঁ
যাৰ সুগন্ধিময় কোলাত
চকুযুৰি হয় মোৰ
নির্মেঘ এখন আকাশৰ দৰে
মাটি........................।।
যাৰ উপস্থিতিত
মই বগাব পাৰোঁ সুউচ্চ এখন পাহাৰ
অথবা সাতুঁৰিব পাৰোঁ এখন সাগৰ
মাটি..........................................
মোৰ জীবন,মোৰ উশাহ
মাটি.................................।
মোৰ ধমনিত বৈ থকা তেজৰ বান ...

লাচিত বৰফুকন



লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

চমু জীৱনী
তেখেতৰ সঠিক জন্ম, তাৰিখ, চন গম পোৱা নাযায়। তেওঁৰ দেউতাক আছিল মোমাই তামূলী বৰবৰুৱা, আহোম ৰজা প্ৰতাপ সিংহ ডাঙৰ বিষয়া। লাচিত আছিল মোমাই তামূলীৰ নুমলীয়া পুত্ৰ। অসম বুৰঞ্জীৰ এটি উল্লেখনীয় চৰিত্ৰ - লালুকসোলা বৰফুকন লাচিত বৰফুকনৰ ককায়েক আছিল আৰু পাখৰী গাভৰু, জয়্ধ্বয় সিংহৰ কুৱঁৰী, লাচিতৰ ভনীয়েক আছিল।

লাচিতৰ শিক্ষা গ্ৰহণ
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লবলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিবেশত হোৱা বাবে কৰ্তব্য পৰায়্ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হল লুখুৰাখন ফৈদ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।
লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন (শিমলুগুৰীৰ দুৰ্গৰ সেনাপতি), দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন হৈছিল।
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেউৰ চকুত পৰে । এদিনাখনৰ কথা- দোলাত বহি থকা ৰজাই লাচিতক মাতি আনি কলে- "বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি ।" লাচিতে উত্তৰ দিলে- "স্বৰ্গদেউৰ ৰাজ্যত মানুহ নাই নেকি ? বঙালনো কি ? মানুহহে ! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। স্বৰ্গদেউ আদেশ দিবহে লাগে "। তাৰ পিচতেই লাচিতক বৰফুকনৰ ভাৰ দিয়া হৈছিল। বৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল । লাচিতক ৰজাৰ ওচৰলৈ মাতি পঠিওৱা হল। স্বৰ্গদেউৰ সমুখত আঠু লব ধৰোতেই কৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মুৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল । ৰজাই এইটো পৰিকল্পিত ভাবে কৰোৱাইছিল। লাচিতৰ স্বাভাবিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গল । ৰজাৰ হস্তক্ষেপত লগুৱা বাছিল। লাচিত নিৰ্ভীকতা আৰু আত্মমৰ্যদাৰ পৰীক্ষাত উত্তীৰ্ণ হল। ৰজা চক্ৰধ্বজ সিংহ‍ই লাচিতক এখন সোনোৱালী হেংদাং পুৰস্কাৰ দি সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰিলে। লাচিতে দেহে কেহে খাতি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষন দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে

"দেশতকৈ মোমাই ডাঙৰ নহয়"
প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে দেশতকৈ মোমাই ডাঙৰ নহয়বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ।

লাচিতক বিশ্বাসঘাতক সজোৱাৰ ৰামসিংহৰ অসফল প্ৰচেষ্টা
শৰাইঘাটৰ যুদ্ধৰ প্ৰথম সময়ছোৱাত মোগল সেনাপতি ৰামসিংহ‍ই লাচিতক বিশ্বাসঘাতক সজোৱাৰ বাবে প্ৰয়াস কৰিছিল। ৰামসিংহ‍ই এডাল কাড়ৰ মুৰত এখন চিঠি লিখি ৰজা চক্ৰধ্বজ সিংহলৈ পঠাইছিল, আৰু চিঠিখনত লাচিত বৰফুকনক গুৱাহাটীৰ বাধা এৰি দিবলৈ এক লাখ টকা দিয়া হৈছে বুলি লিখা আছিল। প্ৰধানমন্ত্ৰী আতন বৰগোঁহাইৰ বুজনিত ৰজাই ৰামসিংহৰ চতুৰালি ধৰিব পাৰিছিল।

সাহসৰ অন্তিম নিদৰ্শন
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল । সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে ম‍ই শেষ মুহুৰ্তলৈ যুঁজ দিম। মোগলে মোক লৈ যাবলৈ দিয়া। তোমালোকে মাত্ৰ স্বৰ্গদেৱক ম‍ই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহুৰ্তলৈ যুঁজ দিছো বুলি কবা।এইকথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

লাচিত বৰফুকনৰ মৃত্যু
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেউ উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ ১৬ কিলোমিটাৰ আঁতৰত লাচিত মৈদামনিৰ্মান কৰে।

লাচিত-দিৱস
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়।

(উৎস-অসমীয়া ৱিকিপিডিয়া)

শিমলু ফুলিছে

                -সৌৰভ শইকীয়া

শিমলু ফুলিছে
তোমাৰ পৰীক্ষালৈ এমাহো নাই
তথাপি তোমাৰ পঢ়া শুনা নাই
শিমলুৰ ডালে ডালে
তুমিহে হিচাপ কৰিছা
কেইটা শালিকী বহিছে
কিমানে কৰিছে কোৃহাল
কেইটা ফুল সৰি পৰিছে তললৈ
থপৃ কৈ এটা শব্দ হৈছে
বতাহত আবেগ সৰিলে বাৰু
এনে শব্দ হবনে
তোমাৰ বুকুতো শব্দ ছিটিকি পৰিছে
গোটেই শিমলু তল ৰঙা..... 

Saturday, 23 February 2013

টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ পাতনি


অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মাঞ্চল সমূহৰ ভিতৰত অন্যতম টিংখাং অঞ্চল। টিংখাং অঞ্চলৰ আকৌ ঘাইকৈ তেল খনন কাৰ্য্য চলোৱা এলেকা হল শালমাৰী দীঘলীয়া গাওঁ। এই শালমাৰী দীঘলীয়াতেই ১৯৮৭ চনত জন্ম লাভ কৰিছিল বৰ্তমান সমগ্ৰ অঞ্চলৰ অন্যতম তথা কৰ্মাদৰ্শত সৱল সামাজিক অনুষ্ঠান শালমাৰী দীঘলীয়া যুৱ সংঘ।বৰ্তমান যুৱ প্ৰজন্মৰ উকৃষ্ট চিন্তাধাৰাৰ নিদৰ্শন দাঙি ধৰা শালমাৰী দীঘলীয়া যুৱ সংঘই অঞ্চলটোৰ বিভিন্ন প্ৰগতিশীল চিন্তা চৰ্চা তথা গঠনমূলক কৰ্ম সম্পাদনেৰে নিজকে নিয়োজিত কৰি ইতিমধ্যে সফলতা আৰু যথেষ্ঠ প্ৰতিষ্ঠা লাভ কৰিছে।সংঘটোৱে অঞ্চলটোৰ সামূহিক উন্নয়ণত দি সংগ্ৰামৰত সময়তে অইল ইণ্ডিয়াইও সংঘটিৰ সতে পাৰম্পৰিক সহযোগিতা গ্ৰহন কৰি অঞ্চলটোৰ সমাজ কল্যাণৰ দিশত যথেষ্ঠ পদক্ষেপ গ্ৰহন কৰিছে।অইলৰ এই কৰ্মৰাজিৰে অন্যতম নিদৰ্শন হিচাপে টিংখাং অঞ্চলৰ তৈল খাদ এলেকা তথা নিকটবৰ্ত্তী অঞ্চল সমূহৰ গ্ৰাম্যাঞ্চল সমূহ সাঙুৰী লৈ এক বৃহত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ২০০০ চনতে শালমাৰী দীঘলীয়া যুৱ সংঘৰ অনুৰোধত অইল ইণ্ডিয়া বচনবদ্ধ হৈছিল।শালমাৰী দীঘলীয়া যুৱ সংঘৰ সেই সময়ৰ অন্যতম মূখ্য বিষয়ববীয়া শ্ৰীমনিমানিক গগৈ, শ্ৰীদিনেশ চেতীয়া আৰু শ্ৰীজীৱ চেতীয়াই বিশিষ্ট ক্ৰীড়াবিদ তথা সংগঠক শ্ৰীহৰেণ ডেকাবৰুৱা আৰু শ্ৰীবসন্ত খনিকৰক সহযোগী হিচাপে লৈ ক্ৰীড়া প্ৰতিযোগিতাখন অনুস্ঠিত কৰাৰ বাবে আচঁনি প্ৰস্তুত কৰি উলিয়ায়।তাৰপাছত অইলৰ প্ৰতিনিধিৰ হৈতে এক ইতিবাচক আলোচনা অনুষ্ঠিত হয় আৰু সমগ্ৰ আচঁনিৰ দাবী কৰা হয়। অইলৰ আশ্বাস মতে শালমাৰী দীঘলীয়া যুৱ সংঘৰ উদ্যোগত এক ৰাজহুৱা সভাত (তাং ১১।১২।২০০০ চন)ক্ৰীড়া প্ৰতিযোগিতাখনি পতাৰ সকলো দিশ বিশদভাৱে আলোচনা কৰি এখন সমিতি গঠন কৰা হয়। প্ৰতিযোগিতাখনি অইলৰ সহযোগত শালমাৰী দীঘলীয়া যুৱ সংঘৰ উদ্যোগত টিংখাঙকে আদি কৰি ৰাজগড়, লেঙেৰী, ধমন, চাচনী আদি অঞ্চলস্ঠিত উচ্চ মাধ্যমিক আৰু মজলীয়া বিদ্যালয় সমূহক সাঙুৰী “টিংখাং আঞ্চলিকগ্ৰাম্য ক্ৰীড়া সমাৰোহ” নামেৰে নামাকৰণ কৰা হয়।