শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে

শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷

Friday, 8 November 2013

The group of people from Shalmari Dighalia ready for a Religious Tour to Borpeta Dham ...

ধৰ্মমূলক ভ্ৰমণত  বৰপেটা ধামলৈ ৰাওণা হোৱাৰ সময়ত কিছু শালমাৰী দীঘলীযা বাসী ভক্ত.....

Thursday, 17 October 2013

কাতি বিহু বা কঙালী বিহুৰ শুভেচ্ছাৰে...

সমূহ বিহু প্ৰমী ৰাইজলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জানালো তথা সকলোৰে মংগল কামনা কৰিলো।।
A lamp for Kati Bihu

A paddy field of Assam

Friday, 11 October 2013

দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছাৰে...

দুৰ্গা  পূজাৰ আন্তৰিক শুভেচ্ছাৰে...

হিন্দু দেৱী দুৰ্গাৰ আৰধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় বাঙালি হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰীয় অনুসাৰে আহিন মাহৰ শুক্লপক্ষত বা চত মাহৰ শুক্লপক্ষত দুৰ্গাপূজা পালন কৰা হয়। চত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সলকেও দুৰ্গা পূজা পালন কৰে।
সাধাৰনতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী প্ৰযন্ত থাকে এই দুৰ্গোৎসব । এই পাঁচ দিন যথাক্ৰমে দুৰ্গাষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানবমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱি পক্ষ নামেৰেও জনাযায় । পুৰ্ববৰ্তী অমাব্যাৰ দিনা এই দেৱিপক্ষৰ সুচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় । আৰু পুৰ্ণীমাৰ দিনাক লক্ষ্মীপূজাৰ দিন হিচাপে গণ্য কৰা হয় ।

Wednesday, 19 June 2013

শৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ শুভ কামনা জনালো

শৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ শুভ কামনা জনালো।
(Happy Bishnu Prashad Rabha Divas)

****বিষ্ণুপ্ৰসাদ ৰাভা****


(জন্ম-৩১ জানুৱাৰী,১৯০৯ আৰু মৃত্যু-২০ জুন,১৯৬৯)

অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল।

শৈশৱ আৰু শিক্ষা

বিষ্ণুপ্ৰসাদ ৰাভাই সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয়া লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।
তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহনৰ বাবে ৰাভা কলিকতালৈ যায়। তাৰ ছেইন্ট পউল কলেজৰ পৰা আই.এচ.চি. ঊৰ্ত্তীৰ্ণ হয় আৰু `ৰিপন কলেজ'ত নাম লগায়। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে আৰু ভাৰতীয় সমাজবাদী পাৰ্টি (বিপ্লৱী)ত যোগ দিয়ে। কিন্তু চোৰাংচোৱা পুলিচ ৰাভাৰ পাছত লগাত তেওঁ কলিকতাৰ পঢ়া এৰি কোচবিহাৰলৈ আহে আৰু 'ভিক্টোৰিয়া কলেজ'ত নাম লগায়। কোচবিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।

সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন

ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে।
১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চলচ্চিত্ৰত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। 
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণননে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে।
১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'ছিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোযণা কৰিছিল। ১৯৫২ চনত গোৱালপাৰাৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।

ৰাজনৈতিক জীৱন

১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰপৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ যায়। ১৯৬৭ চনত তেজপুৰৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধান সভা নিৰ্বাচন প্ৰতিদ্বদন্দিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰপৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।

ব্যক্তিগত জীৱন

বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৬ চনত যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহ পাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়লতা দত্তৰ মৃত্যু ঘটে৷ তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে৷ অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল৷ ১৯৫১ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰাই৷ কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয় ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই গোৱালপাৰাৰ গোসাঁইগাওঁ অঞ্চলৰ বিন্নাকাটা গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰাই৷ মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয় ৷ এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে৷ পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা।

মৃত্যু

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত কলাগুৰুদেৱে মৃত্যুক সাৱতি লয়৷ পাকস্থলীত হোৱা কৰ্কট ৰোগত ভূগি তেখেতৰ মৃত্যু হয়।

সাহিত্য পঞ্জী

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতিৰ বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। ৰাভাদেৱৰ উল্লেখনীয় প্ৰকাশিত পুথি হ'ল:

উপন্যাস
• সোণপাহী
• মিচিং কনেং 

নাটক
• গেঙনি ৰেঙনি (নাটক)

প্ৰবন্ধ
• অসমীয়া কৃষ্টিৰ চমু আভাষ
• অতীত অসম
• মুক্তি দেউল 

গল্পসমূহ
• মামীৰ হাৰ
• কুৰি বছৰ জেইল
• জাল কেছ৷
• হিয়াৰ পুং৷
• জাল কেছ৷
• হিয়াৰ পুং৷
• ফুংকা (বড়ো ভাষাত ৰচিত) ৷

সংগীত, কথাছবি, নাটক, চিত্ৰকলা

বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। ৰাভাই বহুতো কালজয়ী গীত (পৰজনমৰ শুভলগনত, লগন উকলি গ'ল, টিলাই টিলাই ইত্যাদি) ৰচনা কৰি থৈ গৈছে। তেখেতৰ ৰছিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ ৰাভা-সঙ্গীত হিচাবে পৰিচিত।তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।প্ৰথম অসমীয়া কথাছবি "জয়মতী" নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেবাটাও বিষয়ত সহায় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি।ফণী শৰ্মাৰ সতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ।

সন্মান

বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো "বিষ্ণু ৰাভা দিৱস" ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৩১.০১.২০০৯ তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে।। তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ)" আৰু "বিষ্ণু ৰাভা পুণৰ আহিব উভতি" শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা

বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা স্থাপন কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানীত কৰা হয়।

Wednesday, 22 May 2013

কালজয়ী অসমীয়া কবিতা


জ্যোতিপ্রসাদ আগৰৱালা


বিশ্বশিল্পী

শিল্পী মই তিনিও কালৰ
                অতীতৰ
                  বৰ্তমানৰ                                                                                                                                                                  
                    অনাগত ভৱিষ্যতৰ
       আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ,
ধ্বংসৰ মাজেদি মই
              ৰূপান্তৰেদি ৰূপ পাই
              নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ 
জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ
           মই পিন্ধো বিশ্ববেশ
        নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ 
        নানা ভাষা
        নানা আশা
 নানা জাতি-বৰ্ণ জিনি
     মই শুনো ৰিণি ৰিণি
     বিশ্ব-জনতাৰ এক অপূৰ্ব্ব সঙ্গীত 
সেই সঙ্গীতৰ প্ৰতিধ্বনি
   তোলোঁ মোৰ
      গানে সুৰ
         সাম্যৰ
            সমৃদ্ধিৰ
               সৌন্দয্যৰ্ৰ
            
                মহামহত্বৰ
   পাতিবলেশান্তিৰ নৱলোক
               এই পৃথিৱীত 
মোৰ কল্পনা-মেধা, বুদ্ধি-মনীষাৰে
   মোকে কৰি সংস্কৃতিৰ অপূৰ্ব্ব আধাৰ
        মোকে শলিতা কৰি জ্বলাওঁ
            বিশ্ব-চাকি
                 বিশ্ব-জনতা পূজাৰ;
সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি
        মই দিওঁ উপহাৰ
        মোকে কৰি ষোড়শোপচাৰ 
   বিশ্ব জুৰি জনতাৰ জয়জয়কাৰ
             হওক জয়জয়কাৰ 

                                                                                                                                                                           
অসমীয়া ডেকাৰ উক্তি

শক্তি পুত্ৰ মই
ভক্তি বুকুত লই
মূক্তি প্ৰয়াসী হই
     অৰ্জ্জুন মই, গাণ্ডীবী মই,
         ময়েই ধনঞ্জয় মৃত্যুক কৰিছোঁ জয়;
ময়ে অসমৰ
ময়ে ভাৰতৰ
         ময়ে ডেকা লৰা অগ্নিময় ।
     ময়ে ভাৰতৰ নবীন সূৰ্য্য
     পূৰ্বাচলত বজাওঁ তূৰ্য্য্
মোৰ পোহৰৰ গানে
আকাশে আকাশে, দেশে মহাদেশে
         মুগ্ধ কৰিব আলোক যাত্ৰী
         শেষ হব শেষ নোহোৱা ৰাত্ৰি
             কৰিম জগত জয়
             নবীন সূৰ্য্য মই ।
উপচি আহিব পোহৰৰ ধল
    লুইতৰ দৰে ফেনে ফোটোকাৰে
    ফেনিল শুভ্ৰ জ্যোতি প্ৰপাতৰ জল ।
হাতীপটীয়েদি ঐৰাবাটেদি
কত নগৰৰ অলি গলিয়েদি
কত মেধাবীৰ মহামনীষীৰ
         মনৰ মাজেদি
    কবীন্দ্ৰ জিনি হ
         মহামনীষাৰ মহাসাগৰত ৰম ।

Sahityarathi Lakshminath Bezaboa

Father: Dinanath Bezbaroa
Mother: Thaneswari Devi


1864: Born in a boat on the Brahmaputra river, near the village of Ahataguri in Assam while his father Dinanath Bezbaroa, who was a judicial officer in Assam Government Service, was going down the Brahmaputra on a transfer order from Nowgong to Barpeta.
1886: Passed Entrance Examination (University of Calcutta) from Sivasagar Government High School.
1888: Passed First Arts Examination (FA Exam) from City College, Calcutta. The Asamiya Bhashar Unnati Sadhini Sabha was founded in Calcutta with Chandrakumar Agarwala and Hemchandra Goswami, with the monthly journal, Jonaki.
1890: Passed Bachelor of Arts Examination from General Assembly's Institution.
1891, March 11: Married Prajnasundari Devi. Four daughters were born, Surabhi (born June 1895, and died when she was five), Aruna (married to Satyavrata Mookherjee), Ratna (Married to Rohinikanta Barooa) and Dipika (became a Christian nun).
1899: Took up timber trade with Bholanath Barooah.
1910-1935: Brought out the 'Banhi' under his own editorship.
1916: Presided over the Assam Students' Conference at Gauhati.
1924: Presided over the Assam Literary Conference at Gauhati.
1931, December 29: 'Rasaraj' title to Lakshminath Bezbaroa by Asam Sahitya Sabha (1931, Sivasagar session). In the felicitation letter by Asam Sahitya Sabha , the word 'Sahityarathi' was used for the first time for Bezbaroa.
1933: Delivered a speech on 'Vaishnavism in Assam' in Baroda at the invitation of the Maharaja Gaekwad Sir Sayaji Rao.
1937, August: Returned to Assam.
1938, March 26: Passed away at Dibrugarh, Assam

Important Publications of Lakshminath Bezbaroa
Poems:

  • Kodom Koli (1913)
  • Podum Koli (1968)
Fiction:
  • Podum Kunwori (Historical Novel, 1905)
  • Jonbiri (Short Stories, 1913)
  • Surabhi (Short Stories, 1909)
  • Sadhukothar Kuki (Short Stories, 1912)
Collection of Folk-tales:
  • Burhi Aair Sadhu (1911)
  • Kokadeuta aru Natilora (1912)
  • Junuka (1910)
Dramas:
  • Litikai (1890)
  • Belimar (1915)
  • Chikarpati-Nikarpati (1913)
  • Nomal (1913)
  • Joymoti Kunwori (1915)
  • Chakradhwaj Singha (1915)
  • Pachoni (1913)
Satirical Essays:
  • Kripabor Baruar Kakotor Topola ( Kripabor Barua's Bundle of Papers, 1904 )
  • Barbaruar Bhabor Burburoni (Bubbles of Thought from Barbarua)
  • Barbaruar Buloni (The Audience Chamber of Barbarua)
  • Kripabor Baruar Obhatani ( Turning back of Kripabor Barua, 1909 )
English Books:
  • History of Vaishnavism in India
  • Rasalila of Sri Krishna (The Baroda Lectures, 1934)
  • The Religion of Love and Devotion (1968), including the Boroda lectures and two other essays.
Biographical Works:
  • Mahapurush Sri Sanakaradev aru Madhabadev (1914)
  • Dangariya Dinanath Bezbaroar Sonkhipto Jibon Choritro (1909)
  • Mor Jiwon Soworon (Autobiography)
  • Bezbaroar Bangshawoli (Family History)
  • Sankaradeva (1911)
Other Writings:
  • Bakhor (1914)
  • Tottwo Kotha
  • Sri Bhagawat Kotha (1915)
  • Sri Krishna Kotha
  • Bharatavarshar Buronji (1910)
  • Asomiya Bhasha Aru Sahitya
  • Kamot Krititwo Lobhibor Sonket (1903)
  • Hanhi Dhemali
  • Presidential Address (1924)


(From www.sahityarathi.com)