শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে
শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷
Wednesday, 27 March 2013
ফাকুৱা উৎসৱ
ফাকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ
লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ৷ ফাকুৱাক দৌলোত্সৱ, ফল্গুত্সৱ, ফাগুৱা, ফাকু, মদনোত্সৱ আদি বিভিন্ন নামেৰে জনা
যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷
এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ
বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়৷ ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন
কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে৷
পৌৰাণিক আখ্যান
পোৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে৷ আখ্যান অনুসৰি
এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ
ব্ৰতত ব্ৰতী হৈছিল৷ কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যত বিলীন হৈ আছিল৷ তেওঁৰ
সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে
কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল৷ মহাদেৱৰ তপ ভংগ
হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে৷ তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ
ভস্মীভুত হয়৷ কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে৷
আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ
প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলীকাক নিৰ্দেশ দিছিল৷ হোলীকাই নিজৰ শৰীৰৰ জুইৰে
প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল৷ হোলীকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব
পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে৷ প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত
অন্ততঃ এদিন মানুহে হোলীকাক স্মৰণ কৰিব৷ এই হোলীকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে
বুলিব পাৰি৷ সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলীকাক দাহ কৰা হয়৷
উৎসৱৰ বিৱৰণ
ভাৰতৰ বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা ৰাতি এটা
মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে৷ উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই
উৎসৱ এসপ্তাহৰ বাবে পালন কৰে৷ ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাকুগুৰি আৰু ফুলেৰে
সজাই তোলে৷
অসমৰ দৌল উৎসৱ
ফাকুৱাৰ লগত জড়িত অসমৰ উৎসৱক
"ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়৷ বৰপেটাত দৌলোত্সৱ তিনিৰ
পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।
অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত
হৈ থাকে৷ এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়৷ অসমত দৌল উৎসৱৰ পাতনি মেলে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল৷
দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা
দাস বুঢ়া আতাই ১৫১৮ শকত৷ সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত
দৌল উৎসৱ পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব
সমন্বয়ৰ উদাহৰণ হ'ল
বৰপেটাৰ দৌল উৎসৱ৷
(উৎস- অসমীয়া ৱিকিপিডিয়া)
Friday, 8 March 2013
Subscribe to:
Posts (Atom)