সমূহ বন্ধু-বান্ধৱ, লেখক-লেখিকা তথা যুৱ সংঘৰ কৰ্মকৰ্তালৈ বিনম্ৰ অনুৰোধ-- আপোনালোকে যেন কবিতা অথবা সাহিত্য চৰ্চাৰ অনান্য ফচলসমূহ yunasangha@gmail.com লৈ mail কৰি পঠায়। তেতিয়াহলে আমি এই শিতানত নিয়মীয়াকৈ প্ৰকাশ কৰিবলে সুবিধা পাম।
আলাপ
##কবিতাৰ গুঞ্জন ##
মাটি
-জয়শ্ৰী মেচ
টেঙাফুলৰ সূগন্ধিত
উৰি উৰি ভাঁহি থকা
আপোন আপোন গোন্ধ
এয়া মোৰ মাটি
মোৰ ভৰিৰ তলৰ আশ্রয়
যাক লৈ মই অহংকাৰ কৰিব পাৰোঁ
যাৰ সুগন্ধিময় কোলাত
চকুযুৰি হয় মোৰ
নির্মেঘ এখন আকাশৰ দৰে
মাটি........................।।
যাৰ উপস্থিতিত
মই বগাব পাৰোঁ সুউচ্চ এখন পাহাৰ
অথবা সাতুঁৰিব পাৰোঁ এখন সাগৰ
মাটি..........................................
মোৰ জীবন,মোৰ উশাহ
মাটি.................................।
মোৰ ধমনিত বৈ থকা তেজৰ বান ...
বৰষুণ
-জয়শ্ৰী মেচ
ফাগুনৰ প্ৰথমজাক বৰষুণ
নিশাৰ নিৰ্জনতাত উপভোগ কৰিলো
তুমি হীনতাৰে
বৰষুণৰ এটি এটি টোপাল
হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰিলো
বৰষুণৰ সতে কটোৱা
মোৰ এনিশাৰ এপল
তোমাৰ সতে সান্নিধ্যৰ
এযুগ যেন মৌন সময়
নাযাবাচোন বৰষুণ হৈ
আজলিত সামৰিব নোৱাৰাকৈ....॥
আলাপ
-জয়শ্ৰী মেচ
আলাপ হৃদয়ৰ বাগ্ময়তাৰ হ’তে
আলাপ কবিতাৰ চন্দোময়তাৰ হ’তে
আলাপ প্ৰেমৰ হ’তে
আলাপ অপ্ৰেমৰ হ’তেও
কিমান যে আলাপ কৰো আমি
ক’তবোৰ আলাপত উজুটি খাওঁ
ক’তবোৰ আলাপত হেৰাই যাওঁ
কেতিয়াবা নিচেই ওচৰৰ মানুহ
বহু দূৰৈৰ যেন হৈ পৰো…..|
আলাপত হ’ব পাৰে অচিনাকিও চিনাকি
আলাপত হ’ব পাৰে চিনাকিও অচিনাকি
তোমাৰ হ’তে আলাপত হ’ততেও হেৰাই যাওঁ মই
আলাপৰ অন্তত তোমাৰ পৰা মোৰলৈ
ওভতি আহোতে বহু পৰ লাগে
বিমোগ্ধতাৰে ব্যস্ত হৈ থাকো কবিতাৰ হ’তে
একো একোতা নিদ্ৰাহীন দীঘল ৰাতি
হুমনিয়াহ বোৰ হেৰাই যায় ক’ৰবাত
ৰৈ যায় সকলোবোৰ আলাপত ভাগ ল’বলে
আকাশ, বতাহ, জোন, বেলি তৰা....
আলাপ কবিতাৰ পৰা কবিতালৈ
আলাপ গানৰ পৰা গানলৈ
আলাপ শুৱৰণিৰ পৰা বৰ্তমানলৈ
আলাপ সপোনৰ পৰা দিঠকলৈ
আলাপ জীৱনৰ পৰা মৃত্যুলৈ.....
আলাপ তোমাৰ পৰা মোলৈ.....||
বুকুত অসুখ
-জয়শ্ৰী মেচ
বুকুত অসুখ....
আজি বহু দিনৰে পৰা
আধুনিক যুগৰ আধুনিক অসুখ
বুকুৰ বিষে কুঙা কৰি ৰাখে অহ’ৰহ...
তথাপি মই হাঁহো
হাঁহি হেনো মহৌষদ
এৰা..................!!
ঔষদৰ কামেইটো এনেকোৱা
মৰিবও নিদিয়ে
এতিয়া মই হাঁহো কেৱল যি বৰ বাবে...
এটা দিন আছিল....
হাঁহিবৰ বাবেই হাঁহিছিলো
হাঁহি হাঁহি ভাগৰি পৰিছিলো
পুৱা গধূলি কোনো চিন নথকাকৈ
আইতাই কৈছিল
অনব’ৰতে হাঁহি থকা....
ছোৱালীৰ গাত লক্ষী নাথাকে...
মায়ে কৈছিল নাপাই অ ইমান হাঁহিব
......................................
কিমান হাঁহিলোনো...
বয়সৰ জোখেৰে সাতাইছটা বসন্তহে.......
হাঁহি হেপাহ নপলোৱা দিনতেইচোন
হাঁহি বোৰ ঔষধ হৈ পৰিল!!!
হাঁহি হেনো মহৌষধ...
বুকুৰ অসুখৰ বাবে ...
...........
আজি বহু দিনৰে পৰা
বুকুত অসুখ..........॥
লক্ষ্যজয়
-কিশোৰ গগৈ
এয়া, ৰজনীৰ প্ৰথম পুৱা
মেলিলো দুই অক্ষি লক্ষ্যক স্হিৰ কৰি।
থোনুক থানাক কৈ খোজ দিলো
সাধিবলৈ নিজৰ স্হিৰ লক্ষ্য।।
মুক্ত বিশুদ্ধতাত হৈছো ডাঙৰ
গতি কৰিছো হবলৈ উপনিত গন্তব্য লক্ষ্যত।
ইচ্ছা জন্মদাতা জন্মদাত্ৰী সকলৰ
হব অধিষ্ঠিত তেওঁলোকৰ পুত্ৰ নিপুন লক্ষ্যত।।
সহ্য কৰি সহি কষ্ট সৰ্ব ধৰাৰ
গঢিছে আমাৰ শৰীৰ যোদ্ধাৰ সাজত।
স্হিৰ লক্ষ্য-যুদ্ধৰ অপৰাজেয় যোদ্ধা
জয়ী হবলৈ নেওচি হাজাৰ বাধা।
দিছে সান্তনা সাধিছে উৎসাহ
অতিক্ৰম কৰি পৰ্বত-পাহাৰ, হাবি-জংঘল।
কৰিছে কাকূতি বিধাতাৰ চৰণত
প্ৰণিপাত জনাইছে উদ্দেশি লক্ষ্যজয়ৰ।
যাতে নুঠে প্ৰশ্ন পৰাজয়ৰ
কৰিম সহিষ্ঞুতাৰে অহোপুৰুষাৰ্থ।
কৰিম সপোন দিঠকত পৰিণত
পৰিবৰ্তন কৰিম মাতৃৰ কান্দোন হাঁহিত।
হৈ ৰ’ব মোৰ নিঃকিন প্ৰজা
বিধাতাৰ গৃহ স্বৰ্গ ৰূপত।
অপূৰ্ব উজ্বল জকমকনিৰে জকমকাই
সাক্ষী হৈ ৰ’ব মোৰ লক্ষ্যজয়ৰ॥
ভোগালী
-বিপিন গগৈ
আজি উৰুকাৰ ৰাতি
তোৰ ঘৰলৈ যাম
মদিৰাৰ বাতিত মুখ থৈ বিচাৰি চাম
কিমান গভীৰলৈ বিয়পি আছে
তোৰ জীৱন জীৱন ৰাগি।
আজি উৰুকাৰ ৰাতি
ভেলাঘৰত নবহো দুখৰ নৰাণি চিকুনাই
তোৰ জুহালতে কটাবলে যাম
এপৰ । দুপৰ। ওৰেটো ৰাতি।
আজি লুকাই লুকাই চাম তোক
সুখ-দুখৰ সুৱাগুৰি তুলি
তোৰ দুচকুত কি সপোনে জলমলায়
উথপ-থপ ভোগালী ৰাতি
তোৰ ব্যাকুল ওঁঠৰ পদূলিত
কি সুৰ বাজি উঠে সঘনাই
আজি উৰুকাৰ ৰাতি
তোক লগ পাবলে
কেইবাখনো পথাৰ পাৰ হম ।
তগৰ
-কিশোৰ গগৈ
সুবিমল সৌৰভৰ
সূগন্ধিত তগৰ ফুলে।
তোমাৰ আমাৰ মন
জুৰাই তোলে।।
ব্যাপিত জ্যোস্নাৰ
ৰাত্ৰি তগৰৰ সুৱাসত।
উপবন জকমকায়
ফুলিছে শুভ্ৰ তগৰ
দুৰ্গন্ধ আতৰায়।।
আতৰাই দুখ ক্লেশ
পৃথিৱীৰ
ফুলিছে নিবোল নিৰ্মল
তমসাত।
আমোল মোলাইছে চৰাচৰ
সদানন্দ মনে কাল
তমসাত।।
ব্যৱহৃত হৈছে তগৰ
নৱ-বৰষৰ পূন্য
পূজ্যত।
লগতে কৰিছে শুৱনি
কলডিলীয়া বহাগী
ৰমণীৰ খোপাত।।
অন্তত মোলান পৰিছে
পুষ্প তগৰ
সমাপ্তিও ঘটিছে
শ্যামলী কালৰ।
নোহোৱা হৈছে সুবিমল
সৌৰভৰ
সুগন্ধই সুগন্ধিত ফুল
তগৰৰ।।
এটোপাল প্ৰেম
-জয়শ্ৰী
মেচ
মোৰ এটোপাল প্ৰেম
তোমাৰ বিশাদ শূন্যতা
মই জনা নাছিলো
তুমি মোৰ নীৰৱ প্ৰেমক
যি এবুকু শূন্যতা নহলে
কবিতা নিলিখে......
অ মোৰ প্ৰেমক সপোন
তোমাৰ প্ৰেম মোৰ কাংশিত জোনাক.......
দুঃখ
- বিপিন গগৈ
আচলতে দুঃখৰ কোনো ঘৰ নাথাকে ।
বুকুৰ কোনোবাখিনিত
হঠাতে সৃষ্টি হয় দুঃখৰ ভ্রুন
ক্ৰমে ই শিপায়
মন, মগজু আৰু অনুভূতিলৈ
পৃথিৱীৰ প্ৰত্যেক মানুহেই দুঃখ ভাল পায়
সেয়ে আনৰ সতে ভগাই লব নোখোজে শোক ।
দুঃখ - যেন বুকু ভাঙি বৈ অহা
এক পুৰাতন গান...
দুঃখ - যন্ত্ৰণাৰ উত্তাপত পুৰি পুৰি
শেষ হৈ অহা বিষাদ স্বৰলিপি ...
সকলো থাকিও আপুনি সুখী নহব পাৰে
অথবা একো নথকাকৈয়ে
আপুনি সুখৰ বিলাস কৰিব পাৰে।
সেয়ে - দুঃখ আপোনাৰ অন্যতম ছাঁ
আৰু আপুনি
দুঃখৰ পৃষ্ঠপোষক।।
পেন্দুলাম
----------
- জয়শ্রী মেচ
বুকুৰ এফালত সাঁচি ৰখা
অেপক্ষাৰ পেন্দুলাম
দুলি দুলি ভাগৰি পৰা হ'লে
নাচালো হেঁতেন তোমালৈ বাট !!!!
এহাত দুহাতকৈ গৈ গৈ তুমি
এৰি যাব খুজিছা নেকি বাৰু
হাতত হাত থৈ নকওঁ বুলিও
কৈ পেলোৱা শব্দবোৰ
উশাহবোৰ,হুমনিয়াহবোৰ
হেঁপাহবোৰ,ৰংবোৰ
কবিতাবোৰ আৰু গানবোৰ !!!!
No comments:
Post a Comment