শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে

শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷

Friday, 11 October 2013

দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছাৰে...

দুৰ্গা  পূজাৰ আন্তৰিক শুভেচ্ছাৰে...

হিন্দু দেৱী দুৰ্গাৰ আৰধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় বাঙালি হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰীয় অনুসাৰে আহিন মাহৰ শুক্লপক্ষত বা চত মাহৰ শুক্লপক্ষত দুৰ্গাপূজা পালন কৰা হয়। চত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সলকেও দুৰ্গা পূজা পালন কৰে।
সাধাৰনতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী প্ৰযন্ত থাকে এই দুৰ্গোৎসব । এই পাঁচ দিন যথাক্ৰমে দুৰ্গাষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানবমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱি পক্ষ নামেৰেও জনাযায় । পুৰ্ববৰ্তী অমাব্যাৰ দিনা এই দেৱিপক্ষৰ সুচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় । আৰু পুৰ্ণীমাৰ দিনাক লক্ষ্মীপূজাৰ দিন হিচাপে গণ্য কৰা হয় ।

No comments:

Post a Comment