শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে

শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷

Friday, 25 January 2013

পৰিচয়: ৱিকিপিডিয়া

"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যন" নামৰ ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ২৮৫ টা ভাষাৰ ৱিকিপিডিয়া প্ৰতিস্থা হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৩৬৫ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।
এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।
ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

Thursday, 24 January 2013

### দুঃখ ###



           - বিপিন গগৈ

আচলতে দুঃখৰ কোনো ঘৰ নাথাকে ।

বুকুৰ কোনোবাখিনিত 
হঠাতে সৃষ্টি হয় দুঃখৰ ভ্রুন
ক্ৰমে ই শিপায়
মন, মগজু আৰু অনুভূতিলৈ

পৃথিৱীৰ প্ৰত্যেক মানুহেই দুঃখ ভাল পায়
সেয়ে আনৰ সতে ভগাই লব নোখোজে শোক ।

দুঃখ - যেন বুকু ভাঙি বৈ অহা
এক পুৰাতন গান...
দুঃখ - যন্ত্ৰণাৰ উত্তাপত পুৰি পুৰি
শেষ হৈ অহা বিষাদ স্বৰলিপি ...

সকলো থাকিও আপুনি সুখী নহব পাৰে
অথবা একো নথকাকৈয়ে 
আপুনি সুখৰ বিলাস কৰিব পাৰে।

সেয়ে - দুঃখ আপোনাৰ অন্যতম ছাঁ
আৰু আপুনি
দুঃখৰ পৃষ্ঠপোষক।

### পেন্দুলাম ###


       -জয়শ্ৰী মেচ


বুকুৰ এফালত সাঁচি ৰখা
অপেক্ষাৰ পেন্দুলাম
দুলি দুলি ভাগিৰ পৰা হ'লে
নাচালো হেঁতেন তোমালৈ বাট !!!!
এহাত দুহাত কৈ গৈ গৈ তুমি
এৰি যাব খুজিছা নেকি বাৰু
হাতত হাত থৈ নকওঁ বুলিও
কৈ পেলাৱা শব্দবোৰ 
উশাহবোৰ, হুমুনিয়াহবোৰ
হেঁপাহবোৰ, ৰংবোৰ
কবিতাবোৰ আৰু গানবোৰ !!!!

Wednesday, 23 January 2013

শালমাৰী দীঘলী্য়া যুৱ সংঘৰ আঁৰৰ কাহিনী


এয়া ১৯৮৩ চনৰ আগৰ কথা৷ তেতিয়া বসন্তৰ বতৰা৷ঋতুৰ লগত হাত মিলাই শালমাৰী দীঘলী্য়া গাওঁৰ প্ৰতিজোপা উদ্ভিদে যেন সেউজী বিলাইছে৷গাওঁবাসীৰ পদূলিত থকা কপৌ পাহিবোৰে যেন চিঞৰি ক’ব খোজে,  “এয়া আনন্দৰ বতৰা”৷ লগতে প্ৰতিজন গাওঁবাসীৰ মন যেন উল্লাসে ভৰি পৰিছে৷ ডেকা গাভৰুবোৰৰ গা ইচাতি বিচাতি হৈছে৷ ঢোলৰ গোম গোমনী আৰু পেঁপাৰ মাতে সকলোকে আমোদ কৰি পেলাইছে৷এনেকৈয়ে বহাগ আহে এই গাওঁলৈ৷এনে ক্ষণতে কেইজ নমান চিন্তাশীল ব্যক্তিয়ে ঠিৰ কৰিছিল৷ এইবাৰ সোঁচৰি দ্বাৰা পোৱা পুজি আৰু অন্যান্য সাহায্যৰে তেওঁলোকে এটা পুথিভঁৰাল সাজিব গাওঁখনৰ সিতাৰ্থে৷কথা মতেই কাম৷শ্ৰীসুণিল চেতিয়া, ঁকিৰণ গগৈ, ৰোহিণী চেতিয়া, ঁথানেশ্বৰ চেতিয়া আদিয়ে আগভাগ লৈ গাওঁৰ প্ৰতিজন মানুহৰ সহায়ৰে এতি পুথিঁভৰাল সাজিলে, নাম ৰাখিলে “জ্যোতি পুথিঁভৰাল” যেন জ্যোতিয়ে সকলোকে জ্ঞানৰ পোহৰেৰে জ্যোতিস্মান কৰে৷ইয়াত আছিল সামান্য কিতাপ আৰু আলোচনী৷ তথাপি সকলোৰে আশা, ইয়াৰপৰা সকলো উপকৃত হ’ব৷নোহোৱাও নহয়, এওঁলোকৰ তত্বাবদ্ধনতে প্ৰায় ডেৰ বছৰমান থাকিল এই “জ্যোতি পুথিঁভৰাল”৷পুঁজি কম হোৱাত ই অতি কঠোৰ ভাবে জঁৰাজীৰ্ণ অৱস্তালৈ ৰুপান্তৰিত হ’ল৷কিছু কিছুৰ মন সেমেকিল, কিন্তু কৰিব কি সকলোৰে খাবলৈকে নোজোৰে, এটা সামাজিক অনুস্ঠান কেনেকৈ জীয়াই ৰাখে৷যদিও জ্যোতি জীয়াই নাথাকিল, কিন্তু ইয়াৰ পৰা পোৱা বহুতোৰ মনত খাপ পিতি থাকিল৷
সেই পেৰণাৰ ফল স্বৰূপ দেখা গ’ল প্ৰায় দুটি বসন্তৰ প্ৰস্তত ডেকা সমাজৰ মাজত৷টেপনি চুকৰ কেইজনমান কৌতুশলী ডেকা৷ তেওঁলোকে বোলে কেৰাটে শিকে৷ শিকাব প্ৰায় সমবয়সৰ শিক্ষক শ্ৰীনিৰণ কো্ঁৱৰদেৱে৷ অৱশ্যে তেওঁ বৰ বেচ পাকৈতও নহয়৷ তথাপিও দুটামান কি্ক শিকিব তেওঁলোকে৷ শ্ৰীবসন্ত গগৈ, শ্ৰীপূৰ্ণকান্ত গগৈ আৰু শ্ৰীঅমিত খনিকৰ হৈ পৰিল দৈনিক শিক্ষাৰ্থী৷আন কোনোবাজনো মাজে মাজে ভুমোকি নমৰা নহয়, যেনে শ্ৰীবিনন্দ গগৈ, শ্ৰীযগেস্বৰ গগৈ, শ্ৰীনোমল গগৈ, শ্ৰীভবেন গগৈ আদি৷ এনেতে বহাগ আকৌ পালেহি৷  কেৰাটে টিম লাহেকৈ এটা সোঁচৰিদললৈ পৰিৱৰ্তন হ’ল৷ সোঁচৰিত যোগ হ’ল শ্ৰীকেশৱ গগৈ আৰু শ্ৰীচুচিল গগৈ ইত্যাদি৷ এইবাৰ কিন্তু এওঁলোকে পুথিঁভৰাল নাসাজে, তাৰ বিপৰিতে এটা যুৱ সংঘৰ সপোন দেখিছে৷ সপোন দিঠকত পৰিণত কৰিবৰ বাবে সকলোৱে হাতে কামে লাগিল৷ প্ৰথমে এটা সবল সোঁচৰি দল গঠন হ’ল কিন্তু নাচনী নাই৷ অৱশেষত শ্ৰীকেশৱ গগৈকে নাচনী বনাই বিহু সোঁচৰি আৰম্ভ কৰিলে৷ঘৰে ঘৰে সোঁচৰি গাই এটকা দুটকাকৈ হাজাৰমান টকা জমা হ’ল৷ আৰু এই টকাৰেই শালমাৰী দীঘলী্য়া নামঘৰৰ কাষতে এটা বাঁহৰ ঘৰ সাজি তাতেই শালমাৰী দীঘলী্য়া যুৱ সংঘৰ প্ৰথম খোপনি পুতিলে৷ এযোৰ তবলা আছিল তেওঁলোকৰ প্ৰথম সম্পত্তি৷ যদিও তবলা বাদনৰ শৈক্ষিক জ্ঞান নাছিল তথাপি এজনো পিছ পৰি থকা নাছিল৷ শ্ৰীঅবিৰাম গগৈদেৱে তবলা বাদনত বেচ গোৰুত্ব দিছিল৷ সেয়েহে এদিন তেওঁৰ হাততে তবলাৰ অন্ত পৰিল৷
সিফালে এনে ক্ষণতে শালমাৰী দীঘলী্য়া গাওঁত তেল খান্দিবলৈ OIL INDIA LIMITEDএ খৰ-খেদা কৰিছিল৷ এই কম্পানীটোৱে গাওঁখনৰ মাজেৰে এটা পকী ৰাস্তা নিৰ্মাণ কৰিব লৈছিল, কিন্তু  শালমাৰী দীঘলী্য়া গাওঁৰ সংঘটো ৰাস্তাটোৰ বাবে বাধা যেন হৈ পৰিছিল কাৰণ ৰাস্তা বনিব লগা মাটিতেই আছিল সংঘৰ কাৰ্য্যালয়৷এতিয়া কি কৰিব? পোন প্ৰথম শ্ৰীবিমল দত্ত (Manager, land acquisition) আ     হি শ্ৰীবসন্ত গগৈক লগ ধৰে৷বুজনি দিলে যে তেওঁলোকে মাটি এৰি দিব লাগ, বিনিময়ত উচিত মান দিব৷ শ্ৰীবসন্ত গগৈয়ে সকলোৰে সৈতে আলোচনা কৰি মাটি এৰি দিয়াটোকে ঠিক কৰিলে৷ বিমল দত্ত আহি টকা ১০ হাজাৰ দি গ’লহি৷এতিয়া সকলোৰে চকু খুলিল, পুঁজি আহিল কিন্তু কাৰ্য্যালয়  ক’ত হ’ব? লগে লগে এখন ৰাজহুৱা সভা আহ্বান হ’ল৷ সভাত সভাপতিৰ দায়িত্বত আছিল শালমাৰী দীঘলী্য়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঁলোকেশ্বৰ ফোকনদেৱ৷সভাত সকলোৱে আলোচনা কৰি ঠিৰাং কৰিলে যে নতুন কাৰ্য্যালয় শালমাৰী দীঘলী্য়া মহিলা সমিটিৰ কাৰ্য্যালয়ৰ কাষতে বনোৱা হ’ব৷আনুষ্ঠানিক ভাৱে সংঘটিৰ সভাপতি নিৰ্বাচিত হয় শ্ৰীসোবোধ কোঁৱৰদেৱ আৰু সম্পাদক শ্ৰীপুৰ্ণকান্ত গগৈদেৱ৷  এয়া আছিল ১৯৮৭ চনৰ শীত কালৰ কথা৷ সিদ্ধান্ত মতেই বসন্তৰ আৰম্ভণিতে পুৰণি কাৰ্য্যালয়ৰপৰা নতুন কাৰ্য্যালয়লৈ (৩০০মি. নিলগত) স্হানান্তৰ কৰা হ’ল৷আৰু এই সময়তে অসম চৰকাৰৰ অধিনত পঞ্জীয়নো কৰোৱা হয়৷ কাৰ্য্যালয় স্হানান্তৰ হোৱাৰ লগে লগে সদস্যও বৃদ্ধি হ’ল৷ ঁবুদ্ধেশ্বৰ গগৈ, শ্ৰীমহেন্দ্ৰ লাহন, শ্ৰীমণিমানিক গগৈ, শ্ৰীফুলেন গগৈ আদিয়েও যোগ দিলেহি৷ তেতিয়া এনে এটা অনুস্ঠান পৰিচালিত কৰা আৰু সকলোকে একমত কৰা এটা বহু কঠিন কাম আছিল৷ যিহেতু তেওঁলোকৰ অনুস্ঠানিক জ্ঞান বৰ বিশেষ নাছিল৷ সেয়েহে আকৌ বিভিন্ন কাৰণত সংঘটিৰ সদস্য সকলৰ মাজত বিবাদ আৰম্ভ হ’ল৷ সভাপতি    শ্ৰীসোবোধ কোঁৱৰদেৱেও পদত্যাগ কৰিলে৷ সংঘটিৰ প্ৰকৃত গা-গছ ডালৰ যেন শিপাবোৰ নোহোৱা হ’ল৷ এনে ঋণতে     শ্ৰীমণিমানিক গগৈদেৱ আগবাঢ়ি আহি সংঘটিৰ গুৰি ধৰিলেহি আৰু সকলোকে পুনৰ একগোট কৰি সংঘটিক এক নতুন ৰূপ দিবলৈ যত্ন কৰিলে৷ শালমাৰী দীঘলী্য়া যুৱ সংঘৰ সদস্যৰ তালিকা আৰু এখোপ চৰিল৷ লাহে লাহে শালমাৰী দীঘলী্য়া গাওঁ বাসীৰ লগতে ওচৰৰ গাওঁবোৰৰ সাহাৰ্য্যৰে সংঘটি উন্নতিৰ দিশলৈ আগোৱাব ধৰিলে আৰু আজি এক বিশাল ৰূপ ধাৰণ কৰিছেহি৷ অবশ্যে ইয়াত OIL INDIA LIMITEDৰ অনুদানকো নুই কৰিব নোৱাৰি৷ আশা আৰু প্ৰৰ্থনা কৰো আহক যাতে শালমাৰী দীঘলী্য়া যুৱ সংঘ সৎ মনোভাৱ আৰু কৰ্মদক্ষতাৰে আগোৱাই গৈ সকলোকে উপকৃত কৰিবলৈ সক্ষম হয়৷

(বি:দ্ৰ:-যদি আপোনি ক’ৰবাত ভুল দেখিছে তেন্তে নিসংকোচে আঙুলিয়াই দিয়ে যেন) 
--কিশোৰ গগৈ
       

Sunday, 20 January 2013

What is Shalmari Dighalia Yuva Sangha?

Shalmari DighaliaYuva Sangha is a social club located in Dibrugarh district of the upper Assam for the social, culture, environmental and economic development of the society by bringing Honesty, Unity and Prosperity among the people.It was established in 1987 by the local peoples of Shalmari Dighalia village in the oil field region. From the day of establishment it has been playing a vital role in the development of socio-economic structure of the entire locality. It has arrived to it's Silver Jubilee Year consistently executing various work schemes uninterruptedly. For the various developmental works for the society Neheru Yuva Kendra has awarded the Yuva Sangha as Mentor Club of region in 2011. The Yuva Sangha mainly concentrate on the development of social structure, roads, culture, agro, economics, health and environment. It has been serving the society for successful 25 year and promise the people to serve them for the betterment of the world.


For more detail, www.yuvasangha.com