- বিপিন গগৈ
আচলতে দুঃখৰ কোনো ঘৰ নাথাকে ।
বুকুৰ কোনোবাখিনিত
হঠাতে সৃষ্টি হয় দুঃখৰ ভ্রুন
ক্ৰমে ই শিপায়
মন, মগজু আৰু অনুভূতিলৈ
পৃথিৱীৰ প্ৰত্যেক মানুহেই দুঃখ ভাল পায়
সেয়ে আনৰ সতে ভগাই লব নোখোজে শোক ।
দুঃখ - যেন বুকু ভাঙি বৈ অহা
এক পুৰাতন গান...
দুঃখ - যন্ত্ৰণাৰ উত্তাপত পুৰি পুৰি
শেষ হৈ অহা বিষাদ স্বৰলিপি ...
সকলো থাকিও আপুনি সুখী নহব পাৰে
অথবা একো নথকাকৈয়ে
আপুনি সুখৰ বিলাস কৰিব পাৰে।
সেয়ে - দুঃখ আপোনাৰ অন্যতম ছাঁ
আৰু আপুনি
দুঃখৰ পৃষ্ঠপোষক।
No comments:
Post a Comment