শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে

শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷

Wednesday, 23 January 2013

শালমাৰী দীঘলী্য়া যুৱ সংঘৰ আঁৰৰ কাহিনী


এয়া ১৯৮৩ চনৰ আগৰ কথা৷ তেতিয়া বসন্তৰ বতৰা৷ঋতুৰ লগত হাত মিলাই শালমাৰী দীঘলী্য়া গাওঁৰ প্ৰতিজোপা উদ্ভিদে যেন সেউজী বিলাইছে৷গাওঁবাসীৰ পদূলিত থকা কপৌ পাহিবোৰে যেন চিঞৰি ক’ব খোজে,  “এয়া আনন্দৰ বতৰা”৷ লগতে প্ৰতিজন গাওঁবাসীৰ মন যেন উল্লাসে ভৰি পৰিছে৷ ডেকা গাভৰুবোৰৰ গা ইচাতি বিচাতি হৈছে৷ ঢোলৰ গোম গোমনী আৰু পেঁপাৰ মাতে সকলোকে আমোদ কৰি পেলাইছে৷এনেকৈয়ে বহাগ আহে এই গাওঁলৈ৷এনে ক্ষণতে কেইজ নমান চিন্তাশীল ব্যক্তিয়ে ঠিৰ কৰিছিল৷ এইবাৰ সোঁচৰি দ্বাৰা পোৱা পুজি আৰু অন্যান্য সাহায্যৰে তেওঁলোকে এটা পুথিভঁৰাল সাজিব গাওঁখনৰ সিতাৰ্থে৷কথা মতেই কাম৷শ্ৰীসুণিল চেতিয়া, ঁকিৰণ গগৈ, ৰোহিণী চেতিয়া, ঁথানেশ্বৰ চেতিয়া আদিয়ে আগভাগ লৈ গাওঁৰ প্ৰতিজন মানুহৰ সহায়ৰে এতি পুথিঁভৰাল সাজিলে, নাম ৰাখিলে “জ্যোতি পুথিঁভৰাল” যেন জ্যোতিয়ে সকলোকে জ্ঞানৰ পোহৰেৰে জ্যোতিস্মান কৰে৷ইয়াত আছিল সামান্য কিতাপ আৰু আলোচনী৷ তথাপি সকলোৰে আশা, ইয়াৰপৰা সকলো উপকৃত হ’ব৷নোহোৱাও নহয়, এওঁলোকৰ তত্বাবদ্ধনতে প্ৰায় ডেৰ বছৰমান থাকিল এই “জ্যোতি পুথিঁভৰাল”৷পুঁজি কম হোৱাত ই অতি কঠোৰ ভাবে জঁৰাজীৰ্ণ অৱস্তালৈ ৰুপান্তৰিত হ’ল৷কিছু কিছুৰ মন সেমেকিল, কিন্তু কৰিব কি সকলোৰে খাবলৈকে নোজোৰে, এটা সামাজিক অনুস্ঠান কেনেকৈ জীয়াই ৰাখে৷যদিও জ্যোতি জীয়াই নাথাকিল, কিন্তু ইয়াৰ পৰা পোৱা বহুতোৰ মনত খাপ পিতি থাকিল৷
সেই পেৰণাৰ ফল স্বৰূপ দেখা গ’ল প্ৰায় দুটি বসন্তৰ প্ৰস্তত ডেকা সমাজৰ মাজত৷টেপনি চুকৰ কেইজনমান কৌতুশলী ডেকা৷ তেওঁলোকে বোলে কেৰাটে শিকে৷ শিকাব প্ৰায় সমবয়সৰ শিক্ষক শ্ৰীনিৰণ কো্ঁৱৰদেৱে৷ অৱশ্যে তেওঁ বৰ বেচ পাকৈতও নহয়৷ তথাপিও দুটামান কি্ক শিকিব তেওঁলোকে৷ শ্ৰীবসন্ত গগৈ, শ্ৰীপূৰ্ণকান্ত গগৈ আৰু শ্ৰীঅমিত খনিকৰ হৈ পৰিল দৈনিক শিক্ষাৰ্থী৷আন কোনোবাজনো মাজে মাজে ভুমোকি নমৰা নহয়, যেনে শ্ৰীবিনন্দ গগৈ, শ্ৰীযগেস্বৰ গগৈ, শ্ৰীনোমল গগৈ, শ্ৰীভবেন গগৈ আদি৷ এনেতে বহাগ আকৌ পালেহি৷  কেৰাটে টিম লাহেকৈ এটা সোঁচৰিদললৈ পৰিৱৰ্তন হ’ল৷ সোঁচৰিত যোগ হ’ল শ্ৰীকেশৱ গগৈ আৰু শ্ৰীচুচিল গগৈ ইত্যাদি৷ এইবাৰ কিন্তু এওঁলোকে পুথিঁভৰাল নাসাজে, তাৰ বিপৰিতে এটা যুৱ সংঘৰ সপোন দেখিছে৷ সপোন দিঠকত পৰিণত কৰিবৰ বাবে সকলোৱে হাতে কামে লাগিল৷ প্ৰথমে এটা সবল সোঁচৰি দল গঠন হ’ল কিন্তু নাচনী নাই৷ অৱশেষত শ্ৰীকেশৱ গগৈকে নাচনী বনাই বিহু সোঁচৰি আৰম্ভ কৰিলে৷ঘৰে ঘৰে সোঁচৰি গাই এটকা দুটকাকৈ হাজাৰমান টকা জমা হ’ল৷ আৰু এই টকাৰেই শালমাৰী দীঘলী্য়া নামঘৰৰ কাষতে এটা বাঁহৰ ঘৰ সাজি তাতেই শালমাৰী দীঘলী্য়া যুৱ সংঘৰ প্ৰথম খোপনি পুতিলে৷ এযোৰ তবলা আছিল তেওঁলোকৰ প্ৰথম সম্পত্তি৷ যদিও তবলা বাদনৰ শৈক্ষিক জ্ঞান নাছিল তথাপি এজনো পিছ পৰি থকা নাছিল৷ শ্ৰীঅবিৰাম গগৈদেৱে তবলা বাদনত বেচ গোৰুত্ব দিছিল৷ সেয়েহে এদিন তেওঁৰ হাততে তবলাৰ অন্ত পৰিল৷
সিফালে এনে ক্ষণতে শালমাৰী দীঘলী্য়া গাওঁত তেল খান্দিবলৈ OIL INDIA LIMITEDএ খৰ-খেদা কৰিছিল৷ এই কম্পানীটোৱে গাওঁখনৰ মাজেৰে এটা পকী ৰাস্তা নিৰ্মাণ কৰিব লৈছিল, কিন্তু  শালমাৰী দীঘলী্য়া গাওঁৰ সংঘটো ৰাস্তাটোৰ বাবে বাধা যেন হৈ পৰিছিল কাৰণ ৰাস্তা বনিব লগা মাটিতেই আছিল সংঘৰ কাৰ্য্যালয়৷এতিয়া কি কৰিব? পোন প্ৰথম শ্ৰীবিমল দত্ত (Manager, land acquisition) আ     হি শ্ৰীবসন্ত গগৈক লগ ধৰে৷বুজনি দিলে যে তেওঁলোকে মাটি এৰি দিব লাগ, বিনিময়ত উচিত মান দিব৷ শ্ৰীবসন্ত গগৈয়ে সকলোৰে সৈতে আলোচনা কৰি মাটি এৰি দিয়াটোকে ঠিক কৰিলে৷ বিমল দত্ত আহি টকা ১০ হাজাৰ দি গ’লহি৷এতিয়া সকলোৰে চকু খুলিল, পুঁজি আহিল কিন্তু কাৰ্য্যালয়  ক’ত হ’ব? লগে লগে এখন ৰাজহুৱা সভা আহ্বান হ’ল৷ সভাত সভাপতিৰ দায়িত্বত আছিল শালমাৰী দীঘলী্য়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঁলোকেশ্বৰ ফোকনদেৱ৷সভাত সকলোৱে আলোচনা কৰি ঠিৰাং কৰিলে যে নতুন কাৰ্য্যালয় শালমাৰী দীঘলী্য়া মহিলা সমিটিৰ কাৰ্য্যালয়ৰ কাষতে বনোৱা হ’ব৷আনুষ্ঠানিক ভাৱে সংঘটিৰ সভাপতি নিৰ্বাচিত হয় শ্ৰীসোবোধ কোঁৱৰদেৱ আৰু সম্পাদক শ্ৰীপুৰ্ণকান্ত গগৈদেৱ৷  এয়া আছিল ১৯৮৭ চনৰ শীত কালৰ কথা৷ সিদ্ধান্ত মতেই বসন্তৰ আৰম্ভণিতে পুৰণি কাৰ্য্যালয়ৰপৰা নতুন কাৰ্য্যালয়লৈ (৩০০মি. নিলগত) স্হানান্তৰ কৰা হ’ল৷আৰু এই সময়তে অসম চৰকাৰৰ অধিনত পঞ্জীয়নো কৰোৱা হয়৷ কাৰ্য্যালয় স্হানান্তৰ হোৱাৰ লগে লগে সদস্যও বৃদ্ধি হ’ল৷ ঁবুদ্ধেশ্বৰ গগৈ, শ্ৰীমহেন্দ্ৰ লাহন, শ্ৰীমণিমানিক গগৈ, শ্ৰীফুলেন গগৈ আদিয়েও যোগ দিলেহি৷ তেতিয়া এনে এটা অনুস্ঠান পৰিচালিত কৰা আৰু সকলোকে একমত কৰা এটা বহু কঠিন কাম আছিল৷ যিহেতু তেওঁলোকৰ অনুস্ঠানিক জ্ঞান বৰ বিশেষ নাছিল৷ সেয়েহে আকৌ বিভিন্ন কাৰণত সংঘটিৰ সদস্য সকলৰ মাজত বিবাদ আৰম্ভ হ’ল৷ সভাপতি    শ্ৰীসোবোধ কোঁৱৰদেৱেও পদত্যাগ কৰিলে৷ সংঘটিৰ প্ৰকৃত গা-গছ ডালৰ যেন শিপাবোৰ নোহোৱা হ’ল৷ এনে ঋণতে     শ্ৰীমণিমানিক গগৈদেৱ আগবাঢ়ি আহি সংঘটিৰ গুৰি ধৰিলেহি আৰু সকলোকে পুনৰ একগোট কৰি সংঘটিক এক নতুন ৰূপ দিবলৈ যত্ন কৰিলে৷ শালমাৰী দীঘলী্য়া যুৱ সংঘৰ সদস্যৰ তালিকা আৰু এখোপ চৰিল৷ লাহে লাহে শালমাৰী দীঘলী্য়া গাওঁ বাসীৰ লগতে ওচৰৰ গাওঁবোৰৰ সাহাৰ্য্যৰে সংঘটি উন্নতিৰ দিশলৈ আগোৱাব ধৰিলে আৰু আজি এক বিশাল ৰূপ ধাৰণ কৰিছেহি৷ অবশ্যে ইয়াত OIL INDIA LIMITEDৰ অনুদানকো নুই কৰিব নোৱাৰি৷ আশা আৰু প্ৰৰ্থনা কৰো আহক যাতে শালমাৰী দীঘলী্য়া যুৱ সংঘ সৎ মনোভাৱ আৰু কৰ্মদক্ষতাৰে আগোৱাই গৈ সকলোকে উপকৃত কৰিবলৈ সক্ষম হয়৷

(বি:দ্ৰ:-যদি আপোনি ক’ৰবাত ভুল দেখিছে তেন্তে নিসংকোচে আঙুলিয়াই দিয়ে যেন) 
--কিশোৰ গগৈ
       

No comments:

Post a Comment