শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে

শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷

Monday, 25 February 2013

আমন্ত্ৰণ


মাটি


                -জয়শ্ৰী মেচ

টেঙাফুলৰ সূগন্ধিত
উৰি উৰি ভাঁহি থকা
আপোন আপোন গোন্ধ
এয়া মোৰ মাটি
মোৰ ভৰিৰ তলৰ আশ্রয়
যাক লৈ মই অহংকাৰ কৰিব পাৰোঁ
যাৰ সুগন্ধিময় কোলাত
চকুযুৰি হয় মোৰ
নির্মেঘ এখন আকাশৰ দৰে
মাটি........................।।
যাৰ উপস্থিতিত
মই বগাব পাৰোঁ সুউচ্চ এখন পাহাৰ
অথবা সাতুঁৰিব পাৰোঁ এখন সাগৰ
মাটি..........................................
মোৰ জীবন,মোৰ উশাহ
মাটি.................................।
মোৰ ধমনিত বৈ থকা তেজৰ বান ...

লাচিত বৰফুকন



লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

চমু জীৱনী
তেখেতৰ সঠিক জন্ম, তাৰিখ, চন গম পোৱা নাযায়। তেওঁৰ দেউতাক আছিল মোমাই তামূলী বৰবৰুৱা, আহোম ৰজা প্ৰতাপ সিংহ ডাঙৰ বিষয়া। লাচিত আছিল মোমাই তামূলীৰ নুমলীয়া পুত্ৰ। অসম বুৰঞ্জীৰ এটি উল্লেখনীয় চৰিত্ৰ - লালুকসোলা বৰফুকন লাচিত বৰফুকনৰ ককায়েক আছিল আৰু পাখৰী গাভৰু, জয়্ধ্বয় সিংহৰ কুৱঁৰী, লাচিতৰ ভনীয়েক আছিল।

লাচিতৰ শিক্ষা গ্ৰহণ
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লবলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিবেশত হোৱা বাবে কৰ্তব্য পৰায়্ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হল লুখুৰাখন ফৈদ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।
লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন (শিমলুগুৰীৰ দুৰ্গৰ সেনাপতি), দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন হৈছিল।
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেউৰ চকুত পৰে । এদিনাখনৰ কথা- দোলাত বহি থকা ৰজাই লাচিতক মাতি আনি কলে- "বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি ।" লাচিতে উত্তৰ দিলে- "স্বৰ্গদেউৰ ৰাজ্যত মানুহ নাই নেকি ? বঙালনো কি ? মানুহহে ! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। স্বৰ্গদেউ আদেশ দিবহে লাগে "। তাৰ পিচতেই লাচিতক বৰফুকনৰ ভাৰ দিয়া হৈছিল। বৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল । লাচিতক ৰজাৰ ওচৰলৈ মাতি পঠিওৱা হল। স্বৰ্গদেউৰ সমুখত আঠু লব ধৰোতেই কৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মুৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল । ৰজাই এইটো পৰিকল্পিত ভাবে কৰোৱাইছিল। লাচিতৰ স্বাভাবিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গল । ৰজাৰ হস্তক্ষেপত লগুৱা বাছিল। লাচিত নিৰ্ভীকতা আৰু আত্মমৰ্যদাৰ পৰীক্ষাত উত্তীৰ্ণ হল। ৰজা চক্ৰধ্বজ সিংহ‍ই লাচিতক এখন সোনোৱালী হেংদাং পুৰস্কাৰ দি সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰিলে। লাচিতে দেহে কেহে খাতি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষন দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে

"দেশতকৈ মোমাই ডাঙৰ নহয়"
প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে দেশতকৈ মোমাই ডাঙৰ নহয়বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ।

লাচিতক বিশ্বাসঘাতক সজোৱাৰ ৰামসিংহৰ অসফল প্ৰচেষ্টা
শৰাইঘাটৰ যুদ্ধৰ প্ৰথম সময়ছোৱাত মোগল সেনাপতি ৰামসিংহ‍ই লাচিতক বিশ্বাসঘাতক সজোৱাৰ বাবে প্ৰয়াস কৰিছিল। ৰামসিংহ‍ই এডাল কাড়ৰ মুৰত এখন চিঠি লিখি ৰজা চক্ৰধ্বজ সিংহলৈ পঠাইছিল, আৰু চিঠিখনত লাচিত বৰফুকনক গুৱাহাটীৰ বাধা এৰি দিবলৈ এক লাখ টকা দিয়া হৈছে বুলি লিখা আছিল। প্ৰধানমন্ত্ৰী আতন বৰগোঁহাইৰ বুজনিত ৰজাই ৰামসিংহৰ চতুৰালি ধৰিব পাৰিছিল।

সাহসৰ অন্তিম নিদৰ্শন
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল । সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে ম‍ই শেষ মুহুৰ্তলৈ যুঁজ দিম। মোগলে মোক লৈ যাবলৈ দিয়া। তোমালোকে মাত্ৰ স্বৰ্গদেৱক ম‍ই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহুৰ্তলৈ যুঁজ দিছো বুলি কবা।এইকথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

লাচিত বৰফুকনৰ মৃত্যু
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেউ উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ ১৬ কিলোমিটাৰ আঁতৰত লাচিত মৈদামনিৰ্মান কৰে।

লাচিত-দিৱস
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়।

(উৎস-অসমীয়া ৱিকিপিডিয়া)

শিমলু ফুলিছে

                -সৌৰভ শইকীয়া

শিমলু ফুলিছে
তোমাৰ পৰীক্ষালৈ এমাহো নাই
তথাপি তোমাৰ পঢ়া শুনা নাই
শিমলুৰ ডালে ডালে
তুমিহে হিচাপ কৰিছা
কেইটা শালিকী বহিছে
কিমানে কৰিছে কোৃহাল
কেইটা ফুল সৰি পৰিছে তললৈ
থপৃ কৈ এটা শব্দ হৈছে
বতাহত আবেগ সৰিলে বাৰু
এনে শব্দ হবনে
তোমাৰ বুকুতো শব্দ ছিটিকি পৰিছে
গোটেই শিমলু তল ৰঙা..... 

Saturday, 23 February 2013

টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ পাতনি


অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মাঞ্চল সমূহৰ ভিতৰত অন্যতম টিংখাং অঞ্চল। টিংখাং অঞ্চলৰ আকৌ ঘাইকৈ তেল খনন কাৰ্য্য চলোৱা এলেকা হল শালমাৰী দীঘলীয়া গাওঁ। এই শালমাৰী দীঘলীয়াতেই ১৯৮৭ চনত জন্ম লাভ কৰিছিল বৰ্তমান সমগ্ৰ অঞ্চলৰ অন্যতম তথা কৰ্মাদৰ্শত সৱল সামাজিক অনুষ্ঠান শালমাৰী দীঘলীয়া যুৱ সংঘ।বৰ্তমান যুৱ প্ৰজন্মৰ উকৃষ্ট চিন্তাধাৰাৰ নিদৰ্শন দাঙি ধৰা শালমাৰী দীঘলীয়া যুৱ সংঘই অঞ্চলটোৰ বিভিন্ন প্ৰগতিশীল চিন্তা চৰ্চা তথা গঠনমূলক কৰ্ম সম্পাদনেৰে নিজকে নিয়োজিত কৰি ইতিমধ্যে সফলতা আৰু যথেষ্ঠ প্ৰতিষ্ঠা লাভ কৰিছে।সংঘটোৱে অঞ্চলটোৰ সামূহিক উন্নয়ণত দি সংগ্ৰামৰত সময়তে অইল ইণ্ডিয়াইও সংঘটিৰ সতে পাৰম্পৰিক সহযোগিতা গ্ৰহন কৰি অঞ্চলটোৰ সমাজ কল্যাণৰ দিশত যথেষ্ঠ পদক্ষেপ গ্ৰহন কৰিছে।অইলৰ এই কৰ্মৰাজিৰে অন্যতম নিদৰ্শন হিচাপে টিংখাং অঞ্চলৰ তৈল খাদ এলেকা তথা নিকটবৰ্ত্তী অঞ্চল সমূহৰ গ্ৰাম্যাঞ্চল সমূহ সাঙুৰী লৈ এক বৃহত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ২০০০ চনতে শালমাৰী দীঘলীয়া যুৱ সংঘৰ অনুৰোধত অইল ইণ্ডিয়া বচনবদ্ধ হৈছিল।শালমাৰী দীঘলীয়া যুৱ সংঘৰ সেই সময়ৰ অন্যতম মূখ্য বিষয়ববীয়া শ্ৰীমনিমানিক গগৈ, শ্ৰীদিনেশ চেতীয়া আৰু শ্ৰীজীৱ চেতীয়াই বিশিষ্ট ক্ৰীড়াবিদ তথা সংগঠক শ্ৰীহৰেণ ডেকাবৰুৱা আৰু শ্ৰীবসন্ত খনিকৰক সহযোগী হিচাপে লৈ ক্ৰীড়া প্ৰতিযোগিতাখন অনুস্ঠিত কৰাৰ বাবে আচঁনি প্ৰস্তুত কৰি উলিয়ায়।তাৰপাছত অইলৰ প্ৰতিনিধিৰ হৈতে এক ইতিবাচক আলোচনা অনুষ্ঠিত হয় আৰু সমগ্ৰ আচঁনিৰ দাবী কৰা হয়। অইলৰ আশ্বাস মতে শালমাৰী দীঘলীয়া যুৱ সংঘৰ উদ্যোগত এক ৰাজহুৱা সভাত (তাং ১১।১২।২০০০ চন)ক্ৰীড়া প্ৰতিযোগিতাখনি পতাৰ সকলো দিশ বিশদভাৱে আলোচনা কৰি এখন সমিতি গঠন কৰা হয়। প্ৰতিযোগিতাখনি অইলৰ সহযোগত শালমাৰী দীঘলীয়া যুৱ সংঘৰ উদ্যোগত টিংখাঙকে আদি কৰি ৰাজগড়, লেঙেৰী, ধমন, চাচনী আদি অঞ্চলস্ঠিত উচ্চ মাধ্যমিক আৰু মজলীয়া বিদ্যালয় সমূহক সাঙুৰী “টিংখাং আঞ্চলিকগ্ৰাম্য ক্ৰীড়া সমাৰোহ” নামেৰে নামাকৰণ কৰা হয়।

Friday, 22 February 2013

কালজয়ী অসমীয়া কবিতা


কুম্পুৰ সপোন
                                  
                                             -জ্যোতিপ্ৰসাদ আগৰৱালা

মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
আৰু দুজনী – নাক জিলিকা চকু টেলেকা
তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী

এটা কলাএটা বগা নাঙঠ্ পিঙঠ্ ভূত
কথা পাতে টাকুট্ টাকুট্ কুট্
এটাই কলে – “পুট্পুট্পুট্
ইটোৱে মা নাক জোকাৰি কলে – “ধুত্ ধুত্
মাদেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
যখিনীহঁতে নেপেলালে একেলগে ভৰি।

চৰখোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
কোটোক্ কোটোক্ ঘোটোক্ কৰি
ভূত পোৱালি জাপ মাৰি
ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি

মইতই যে কৱ –
ভূতে বোলে লৰা ধৰি খায়
পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
ত মামোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
তামোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা লৰাকহে মা ভূতে ধৰি কিলায়।

মামোৰ হলে ভূতলে ভয় নাই।
যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
দীঘল কাণত মুচৰি মালাগে বৰ ভাল,
সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল।

বিচাৰি থকা ভূত পোৱালি মাযেতিয়া পালোঁ
পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
মামোৰ হলে অক্কনমানো ভূতলে ভয় নাই,
তামোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা লৰাকহে মা ভূতে ধৰি কিলায়।
মামোৰ হলে ভূতলে ভয় নাই।

Tuesday, 19 February 2013

কালজয়ী অসমীয়া কবিতা

ব্রহ্মপুত্রত সূৰ্য্যাস্ত
           -নীলমণি ফুকন 

শূন্যতাৰ হাতৰপৰা সৰি পৰিল দিনৰ হিৰণ্ময় হৃদয়-পাত্র 
নিঃশব্দে সৰি পৰিলআৰু বুৰ গ
বুৰবুৰণিত বিৰিঙি উঠিল 
পাত্রৰ ৰক্তিম আধেয় 
মৰ্মন্তুদ তাৰ উজ্জ্বলতা 
মানুহৰ অন্তিম লালসাৰ
কি প্রজ্জ্বলন!
এতিয়া উলটিল প্রতিজন দৰ্শক 
উক দিলে প্রত্যেকৰে একে বিষ 
ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে 
নামিল স্বয়ং শূন্যতা 
নামিল হৃদয়ৰ শূন্যতা

(সংগ্ৰহ-www.enajori.com)

বুঢী আইৰ সাধু


মেকুৰীৰ জীয়েকৰ সাধু


লক্ষ্মীনাথ বেজবৰুৱা
এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল।মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে। গিৰিহঁতনীয়ে উত্তৰ দিলে,”আই হে’তই চপাই কোচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ, নহ’লেনো মই ক’ৰ প’ৰা দিম?” ইয়াকে শুনি মেকুৰীজনীয়ে সেইদিনাখনৰ পৰা অইনৰ ঘৰৰ পৰা চুৰ-তাৰি কৰি বা ডকা হকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে।ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে।সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নাপায়।ইয়াতে তাইৰ মনত বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে,  “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক।” ইয়াৰ কিছুদিনৰ পিছতে সঁচা সঁচিকৈ গিৰিহঁতনীয়ে দুটা মেকুৰী পোৱালী পালে আৰু মেকুৰীজনীয়ে ছোৱালী দুজনী পালে। আতৌ-পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে। ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ, গাখীৰ ইত্যাদি বিচাৰি যায়।|ছোৱালী দুজনী জনা হ’লত সিহঁতে এদিন মাকক ক’লে,”আই,তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহ’লে আমি কেনেকৈ জানিম আৰু কি কৰিম?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক’লে,”যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজুপি জঁয় পৰিব আৰু গাখীৰ মলা ক’লা হ’ব। তেতিয়া তহঁতে মোক বিচাৰি যাবি।” ইয়াৰ দিনদিয়েকৰ পিছত তুলসীজোপা জঁয় পৰিল আৰু গাখীৰমলা কেঁহেৰাজবৰণীয়া হ’ল।তেতিয়া মাকৰ কি হ’ল বুলি জানি কান্দি কাটি ছোৱালীদুজনীয়ে মাকক বিচাৰি গ’ল। সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ। নৈৰ গৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ’ল। তাই আঁজলি দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ’ল আৰু জলকোঁৱৰে মাত লগালে,”যদি তোমাৰ হাতৰ আঙুঠিটো মোক দিব পাৰা  তেন্তে তুমি পানী নিব পাৰা।” ভনীয়েকতকৈ আঙুঠিটোনো কি ডাঙৰ বস্তু, এইবুলি বায়েকে আঙুঠিটো দি পানী আনিলে। ভনীয়েকে পানী খাই বায়েকক আকৌ আঙুঠিটো আনিবলৈ পঠিয়াই দিলে। এইবাৰ বায়েকে পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে। বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি হিয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে। ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আঁহোতে অকলশৰীয়া ৰূপহী ছোৱালীজনী নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ’ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ল’লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। খিয়ালতেই ইদুজনীয়ে কেনেকৈ মুদৈয়ে তাইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্ৰথমবাৰ অশৌচৰ সময়ত তাইৰ চকু দুটা কাপোৰেৰে বান্ধি, তাই এটা ঢেঁকীথোৰা পালে বুলি কৈ  তাই পোৱা মতা ল’ৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে।  পিছৰবাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি কৈ আচল মতা ল’ৰাটো নৈত উটাই দিলে। ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল’ৰা দুটাক ভনীয়েকৰ ল’ৰা বুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে। মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা বুলি ভাবি তাই কুলক্ষণীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিত  ঘৰ এটা সজাই দি থ’লে| তাই চুৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে। এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰখালে। মুদৈয়ে নাওখন কোনোৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচুতি হৈ থাকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই ক’লে,”তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক থিৰাংকৈ কৈ তোমাৰ তামোলৰ হাচটিখন আৰু লাখুঁটিডাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি হ’ব|” মুদৈয়ে উপাই নাপাই এটা বৰসবাহ কৰিবলৈ দিন ঠিক কৰি হাচটিখন আৰু লাখুঁটিডাল তাতে পেলাই দিলত নাওখন চাট‌‌‌‌‌‌‌‌‌‌‌‌‍‍‌‌‌‌‌‌‌‌‌‍কৰে এৰাই গ’ল। ইফালে জেঠায়েকে সেই ল’ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰ পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি ক’লে আৰু সেই সকলোখিনি সিহঁতৰ বাপেকে পতা বৰসবাহৰ দিনা ৰাইজক ক’বলৈ ক’লে। সিহঁতে বৰসবাহৰদিনা বাপেকৰ লাখুঁটিডাল আৰু হাচটিখন লৈ মুদৈৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। পোনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই বুলি এটুপি পানী খাবলৈ খুজিলত সিহঁতে চুপতি কৰা বুলি মাকে ভাবি ক’বলৈ ধৰিলে,”মোক কিয় ভেঙুচালি কৰিচহঁক, সৌৱা সবাহলৈ মানুহ আহিছে তালৈ যা আৰু যি পা খাগৈ।” তেতিয়া সিহঁতে সকলোখিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকী দি ততে অলপ জিৰাই-শঁতাই  সবাহলৈ গ’ল। সবাহত মানুহ দিহা-দিহি বহিছে, এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা মানুহজনীৰ তাত খাই-বৈ দুজন মানুহ এই সবাহত বহিছিল।যেতিয়া এই কথা তাত জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে  সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ  চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্ৰকে দুই ককাই-ভায়েকে গিৰিপকৰে উঠি মাত লগালে,” আমি য’ত সোমাইছিলো তেওঁ  আমাৰ আই। তেতিয়া ৰাইজে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে ক’ব নোৱাৰিলে। তেতিয়া ৰাইজে সিহঁতক এই  বিষয়ে ক’বলৈ কোৱাত বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে। এইবুলি সকলো কথা ভাঙি-পাতি সি ক’বলৈ ধৰিলে আৰু মুদৈৰ হাচটিখন আৰু লাখুঁটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে। মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ’ল আৰু লাখুঁটিডাল,হাচটিখন নিজৰ বুলি সৈ কাঢ়িলে। তেতিয়া সকলোৱে সতিনীৰ কু-মন্ত্ৰনা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে,ৰাইজেও একো হাই-উৰুমি নোহোৱাকৈ সবাহ খাই গ’ল। সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদি দিলে আৰু ল’ৰা দুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সোমালেহি। ল’ৰা দুটিও বাপেক-মাকৰ বুকু জুৰাই লগতে থাকিল।

(সংগ্ৰহ-www.enajori.com)

Sunday, 17 February 2013

বৰষুণ


          -জয়শ্ৰী মেচ

ফাগুনৰ প্ৰথমজাক বৰষুণ
নিশাৰ নিৰ্জনতাত উপভোগ কৰিলো
তুমি হীনতাৰে
বৰষুণৰ এটি এটি টোপাল
হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰিলো
বৰষুণৰ সতে কটোৱা
মোৰ এনিশাৰ এপল
তোমাৰ সতে সান্নিধ্যৰ
এযুগ যেন মৌন সময়
নাযাবাচোন বৰষুণ হৈ
আজলিত সামৰিব নোৱাৰাকৈ....॥

Monday, 11 February 2013

আলাপ


                     -জয়শ্ৰী মেচ

আলাপ হৃদয়ৰ বাগ্ময়তাৰ হতে
আলাপ কবিতাৰ চন্দোময়তাৰ হতে
আলাপ প্ৰেমৰ হতে
আলাপ অপ্ৰেমৰ হতেও
কিমান যে আলাপ কৰো আমি
তবোৰ আলাপত উজুটি খাওঁ
তবোৰ আলাপত হেৰাই যাওঁ
কেতিয়াবা নিচেই ওচৰৰ মানুহ
বহু দূৰৈৰ যেন হৈ পৰো…..|
আলাপত হব পাৰে অচিনাকিও চিনাকি
আলাপত হব পাৰে চিনাকিও অচিনাকি
তোমাৰ হতে আলাপত হততেও হেৰাই যাওঁ মই
আলাপৰ অন্তত তোমাৰ পৰা মোৰলৈ
ওভতি আহোতে বহু পৰ লাগে
বিমোগ্ধতাৰে ব্যস্ত হৈ থাকো কবিতাৰ হতে
একো একোতা নিদ্ৰাহীন দীঘল ৰাতি
হুমনিয়াহ বোৰ হেৰাই যায় কৰবাত
ৰৈ যায় সকলোবোৰ আলাপত ভাগ লবলে
আকাশ, বতাহ, জোন, বেলি তৰা....
আলাপ কবিতাৰ পৰা কবিতালৈ
আলাপ গানৰ পৰা গানলৈ
আলাপ শুৱৰণিৰ পৰা বৰ্তমানলৈ
আলাপ সপোনৰ পৰা দিঠকলৈ
আলাপ জীৱনৰ পৰা মৃত্যুলৈ.....
আলাপ তোমাৰ পৰা মোলৈ.....||

বুকুত অসুখ....



     -জয়শ্ৰী মেচ

বুকুত অসুখ....
আজি বহু দিনৰে পৰা
আধুনিক যুগৰ আধুনিক অসুখ
বুকুৰ বিষে কুঙা কৰি ৰাখে অহৰহ...
তথাপি মই হাঁহো
হাঁহি হেনো মহৌষদ
এৰা..................!!
ঔষদৰ কামেইটো এনেকোৱা
মৰিবও নিদিয়ে
এতিয়া মই হাঁহো কেৱল যি বৰ বাবে...
এটা দিন আছিল....
হাঁহিবৰ বাবেই হাঁহিছিলো
হাঁহি হাঁহি ভাগৰি পৰিছিলো      
পুৱা গধূলি কোনো চিন নথকাকৈ  
আইতাই কৈছিল
অনবৰতে হাঁহি থকা....
ছোৱালীৰ গাত লক্ষী নাথাকে...
মায়ে  কৈছিল নাপাই অ ইমান হাঁহিব
......................................
কিমান হাঁহিলোনো...
বয়সৰ জোখেৰে সাতাইছটা বসন্তহে.......
হাঁহি হেপাহ নপলোৱা দিনতেইচোন
হাঁহি বোৰ ঔষধ হৈ পৰিল!!!
হাঁহি হেনো মহৌষধ...
বুকুৰ অসুখৰ বাবে ...
...........
আজি বহু দিনৰে পৰা
বুকুত অসুখ..........॥

Tuesday, 5 February 2013

লক্ষ্যজয়



                   -কিশোৰ গগৈ  

এয়া, ৰজনীৰ প্ৰথম পুৱা
    মেলিলো দুই অক্ষি লক্ষ্যক স্হিৰ কৰি।
থোনুক থানাক কৈ খোজ দিলো
    সাধিবলৈ নিজৰ স্হিৰ লক্ষ্য।।
মুক্ত বিশুদ্ধতাত হৈছো ডাঙৰ
                গতি কৰিছো হবলৈ উপনিত গন্তব্য লক্ষ্যত।
ইচ্ছা জন্মদাতা জন্মদাত্ৰী সকলৰ
    হব অধিষ্ঠিত তেওঁলোকৰ পুত্ৰ নিপুন লক্ষ্যত।।
সহ্য কৰি সহি কষ্ট সৰ্ব ধৰাৰ
    গঢিছে আমাৰ শৰীৰ যোদ্ধাৰ সাজত।
স্হিৰ লক্ষ্য-যুদ্ধৰ অপৰাজেয় যোদ্ধা
    জয়ী হবলৈ নেওচি হাজাৰ বাধা।
দিছে সান্তনা সাধিছে উৎসাহ
    অতিক্ৰম কৰি পৰ্বত-পাহাৰ, হাবি-জংঘল।
কৰিছে কাকূতি বিধাতাৰ চৰণত
    প্ৰণিপাত জনাইছে উদ্দেশি লক্ষ্যজয়ৰ।
যাতে নুঠে প্ৰশ্ন পৰাজয়ৰ
    কৰিম সহিষ্ঞুতাৰে অহোপুৰুষাৰ্থ।
কৰিম সপোন দিঠকত পৰিণত
    পৰিবৰ্তন কৰিম মাতৃৰ কান্দোন হাঁহিত।
হৈ ৰব মোৰ নিঃকিন প্ৰজা
    বিধাতাৰ গৃহ স্বৰ্গ ৰূপত।
অপূৰ্ব উজ্বল জকমকনিৰে জকমকাই
    সাক্ষী হৈ ৰব মোৰ লক্ষ্যজয়ৰ॥

Monday, 4 February 2013

শংকৰদেৱৰ বিষয়ে এটা টোকা


বিশ্বজিত সূত্ৰধৰ


শংকৰদেৱে কেইবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল সেই বিষয়ে বহু কথাই জনা যায়, কিন্তু সেইবোৰৰ শুদ্ধ বিজ্ঞানসন্মত বিশ্লেষণ বৰ বেছি হোৱা নাই৷ অৰ্থাত সকলো কথাই এতিয়ালৈকে বুৰঞ্জীৰ পৰ্যায়ত আছে, ইতিহাসত পৰিণত সম্পূৰ্ণৰূপে হোৱা নাই৷ মই ভাবো এতিয়ালৈকে শংকৰদেৱৰ এখন বেছি সম্পূৰ্ণ আৰু নিৰপেক্ষ জীৱন চৰিত ৰচিত হোৱাৰ অৱকাশ আছে৷ শংকৰদেৱৰ জীৱনী গ্ৰন্থৰ ভিতৰত বেজবৰুৱাৰখনৰ গুৰুত্ব অনস্বীকাৰ্য৷ নেওগেও বহুখিনি কথা আলোচনা কৰিছে৷ শিৱনাথ বৰ্মনৰ কিতাপখন অতি গুৰুত্বপূৰ্ণ৷ তথাপিও শংকৰদেৱৰ বিষয়ে এতিয়াও বহু কথা এক্সপ্লোৰ কৰিবলগীয়া আছে৷ নতুন প্ৰজন্মৰ লেখকসকলে এনে ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি অহা উচিত হব৷ অন্যথায়ী আমি ভগৱান শংকৰদেৱৰহে গুণ গাম, মানুহ শংকৰদেৱক বিচাৰি নাপাম৷ প্ৰকৃততে অকল কথা গুৰু চৰিততে নহয়, আন গুৰু চৰিতকেইখনতো শংকৰদেৱৰ ভ্ৰমণৰ বিষয়ে বৰ্ণনা আছে৷ মই ভাবো যে তেওঁ ভ্ৰমণলৈ যোৱা কথাতো শুদ্ধ, কিন্তু সকলোখিনি কথা কিছু খেলিমেলিপূৰ্ণ৷ আচলতে শংকৰদেৱৰ জীৱনী হিচাপে যিখিনি চৰিত-পুথি আছে, সেইখিনি এক প্ৰকাৰৰ পুৰাণৰ নিচিনা বুলিও কব পাৰি৷ আধুনিক কালৰ দাঙৰীয়া দীননাথৰ চৰিতখনো কাহিনীৰ লখিয়া৷ শংকৰদেৱৰ সঁচা জীৱনী ৰচনাৰ প্ৰথম প্ৰয়াস কৰে বেজবৰুৱাই৷ তেওঁৰ পাছত নেওগ আৰু সত্যেন্ত্ৰনাথ শৰ্মাই কিছু আধুনিক দৃষ্টিভংগীৰে শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰে৷ কিন্তু সঁচা অৰ্থত বিজ্ঞানসন্মত দৃষ্টিৰে শংকৰদেৱৰ অধ্যয়নৰ বাট কটা মানুহকেইজন হল ড. হীৰেন গোঁহাই, ড. শিৱনাথ বৰ্মন, অনিল ৰায়চোধুৰী আদি৷ মই ভাবো আমাৰ কৰণীয় আৰু বহুত আছে এই ক্ষেত্ৰত৷
এতিয়া অন্য এটা কথালৈ অহা যাওক৷ মই এটা কথা বিশ্বাস কৰো যে শংকৰদেৱ বিশ্বৰ এক বিৰল প্ৰতিভা৷ কিন্তু যধেমধে শংকৰদেৱক অসমীয়া জাতিৰ পিতা, শংকৰদেৱে অসমীয়াক সংস্কৃতি দিলে, ভাষা দিলে, শংকৰদেৱ বিশ্বৰ আটাইতকৈ প্ৰতিভাশালী মানুহ জাতীয় কথাবোৰ কোৱা উচিত নহয়৷ উদাহৰণ হিচাবে আজি কিছুদিন আগতে মই ফেইচবুকত লিখিছিলো যে নাট্যকাৰ হিচাবে শংকৰদেৱতকৈ চেইকছপীয়েৰ শ্ৰেষ্ঠ৷ মোৰ কথাটো শুনি কিছুমানে জকজকাই উঠিল আৰু দুজনমানে সাপো মৰক লাঠিও নাভাঙক জাতীয় মন্তব্য দিলে৷ কোনেও কিন্তু মোৰ কথাটোৰ মৰ্মত প্ৰেৱশ কৰিবলৈ চেষ্টা নকৰিলে৷ শংকৰদেৱৰ প্ৰতিভা অতুলনীয় সঁচা, কিন্তু আপুনি চেইকছপীয়েৰৰ নাটকৰ মাজেৰে প্ৰতিভাত হোৱা জীৱন-জিজ্ঞাসাৰ লগত শংকৰদেৱৰ নাটকৰ জীৱন-জিজ্ঞাসাক তুলনা নকৰিব৷ চেকছপীয়েৰৰ মাজত প্ৰত্যেক মানুহেই সহজতে নিজকে বিচাৰি পায়, তাৰ বিপৰীতে শংকৰদেৱে দেৱ-দেৱতাক লৈ নাটক ৰচনা কৰিছে, তাৰ মাজত জীৱন-জিজ্ঞাসাক হয়তো কষ্টকৰভাবে কিছু বিচাৰি পোৱা যাব পাৰে৷
এইবাৰ বুদ্ধৰ কথা কোৱা যাওক৷ নিসন্দেহে বুদ্ধ মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠ মনীষী৷ শংকৰদেৱে আমাক সাহিত্যৰে চহকী কৰিছে, আমাৰ ভাষাক ধনী কৰিছে আৰু আমাক এটা ধৰ্ম দিছে৷ তাৰ বিপৰীতে বুদ্ধই কিন্তু মানুহক এটা পথ দিছিল৷ এটা মানৱীয় পথ৷ বিশ্বৰ মহত্বম আত্মা বুদ্ধৰ লগত আন কাকোৱে তুলনা কৰা উচিত নহব৷
মহাপুৰুষ শংকৰদেৱক বহুতে লিওনাৰ্ড ডা ভিন্সিৰ লগত তুলনা কৰে৷ এই কথাটো মানি লব পাৰি৷ শংকৰদেৱ মহান পুৰুষ, তেও পতিত সমাজ এখনক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিল৷ তেওঁ সাহিত্য সৃষ্টি কৰিছিল, নাট-ভাৱনা কৰিছিল, সংগীত সৃষ্টি কৰিছিল৷ বহুমুখী প্ৰতিভা হিচাপে তেওঁ বিশ্ব-প্ৰতিভা৷ হয়তো অসমীয়াৰ দৰে এটা সৰু-নাতিখ্যাত ভাষিক সম্প্ৰদায়ত নজন্মিলে তেওঁ বিশ্বৰ সকলো প্ৰান্ততে বিখ্যাত হলহেতেন৷ কিন্তু যথোপযুক্ত প্ৰচাৰৰ অভাৱত শংকৰদেৱে বিশ্বজোৰা স্বীকৃতি এতিয়াও পাবলৈ সক্ষম হোৱা নাই৷
আলোচনা সদায়ে যাথাৰ্থ হব লাগে৷ কাকোৱে প্ৰাপ্যৰ পৰা বঞ্ছিত কৰিব নালাগে আৰু কাকোৱো প্ৰাপ্যতকৈ অধিক প্ৰদান কৰিব নালাগে৷ শংকৰদেৱৰ নামত আৱেগিক হৈ আবোল-তাবোল বকা মানুহ অসমত দেধাৰ ওলাব৷ কিন্তু শংকৰদেৱক সমালোচনাৰে পুৰি বেছি উজ্জ্বল কৰাৰ প্ৰচেষ্টা কোনেও কৰিবলৈ আগ্ৰহী নহয়৷ বহুদিন আগতে মণি-কাঞ্চননামৰ এখন আলোচনীত প্ৰায়ত মহেশ্বৰ নেওগে এটা বৰ সাধাৰণ স্তৰৰ কথা কৈছিল৷ তেওঁ কৈছিল যে শংকৰদেৱৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতি (সোঁৱৰণীৰ পৰা দিছো, অলপ ভুল হব পাৰে)৷ নেওগদেৱৰ এনে এটা কথা মানি লব কোনো কাৰণতেই নোৱাৰি৷ তাৰোপৰি বহুতে আৱেগত উথলি উঠি কোৱাৰ দৰে শংকৰদেৱ অসমীয়া সাহিত্যৰ পিতৃ, অসমীয়া ভাষাৰ পিতৃ জাতীয় কথাবোৰো মানি লোৱা উচিত নহয়৷ আনকি ব্যক্তিগতভাৱে মই শংকৰাব্দ নামৰ বছৰ গণনা পদ্ধতিটোও সমৰ্থন নকৰো৷ কিয় নকৰো তাৰ এটা কাৰণ আছে কিন্তু৷

(মূল-সাহিত্য ডট অৰ্গ)