শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে

শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷

Monday, 4 February 2013

শংকৰদেৱৰ বিষয়ে এটা টোকা


বিশ্বজিত সূত্ৰধৰ


শংকৰদেৱে কেইবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল সেই বিষয়ে বহু কথাই জনা যায়, কিন্তু সেইবোৰৰ শুদ্ধ বিজ্ঞানসন্মত বিশ্লেষণ বৰ বেছি হোৱা নাই৷ অৰ্থাত সকলো কথাই এতিয়ালৈকে বুৰঞ্জীৰ পৰ্যায়ত আছে, ইতিহাসত পৰিণত সম্পূৰ্ণৰূপে হোৱা নাই৷ মই ভাবো এতিয়ালৈকে শংকৰদেৱৰ এখন বেছি সম্পূৰ্ণ আৰু নিৰপেক্ষ জীৱন চৰিত ৰচিত হোৱাৰ অৱকাশ আছে৷ শংকৰদেৱৰ জীৱনী গ্ৰন্থৰ ভিতৰত বেজবৰুৱাৰখনৰ গুৰুত্ব অনস্বীকাৰ্য৷ নেওগেও বহুখিনি কথা আলোচনা কৰিছে৷ শিৱনাথ বৰ্মনৰ কিতাপখন অতি গুৰুত্বপূৰ্ণ৷ তথাপিও শংকৰদেৱৰ বিষয়ে এতিয়াও বহু কথা এক্সপ্লোৰ কৰিবলগীয়া আছে৷ নতুন প্ৰজন্মৰ লেখকসকলে এনে ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি অহা উচিত হব৷ অন্যথায়ী আমি ভগৱান শংকৰদেৱৰহে গুণ গাম, মানুহ শংকৰদেৱক বিচাৰি নাপাম৷ প্ৰকৃততে অকল কথা গুৰু চৰিততে নহয়, আন গুৰু চৰিতকেইখনতো শংকৰদেৱৰ ভ্ৰমণৰ বিষয়ে বৰ্ণনা আছে৷ মই ভাবো যে তেওঁ ভ্ৰমণলৈ যোৱা কথাতো শুদ্ধ, কিন্তু সকলোখিনি কথা কিছু খেলিমেলিপূৰ্ণ৷ আচলতে শংকৰদেৱৰ জীৱনী হিচাপে যিখিনি চৰিত-পুথি আছে, সেইখিনি এক প্ৰকাৰৰ পুৰাণৰ নিচিনা বুলিও কব পাৰি৷ আধুনিক কালৰ দাঙৰীয়া দীননাথৰ চৰিতখনো কাহিনীৰ লখিয়া৷ শংকৰদেৱৰ সঁচা জীৱনী ৰচনাৰ প্ৰথম প্ৰয়াস কৰে বেজবৰুৱাই৷ তেওঁৰ পাছত নেওগ আৰু সত্যেন্ত্ৰনাথ শৰ্মাই কিছু আধুনিক দৃষ্টিভংগীৰে শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰে৷ কিন্তু সঁচা অৰ্থত বিজ্ঞানসন্মত দৃষ্টিৰে শংকৰদেৱৰ অধ্যয়নৰ বাট কটা মানুহকেইজন হল ড. হীৰেন গোঁহাই, ড. শিৱনাথ বৰ্মন, অনিল ৰায়চোধুৰী আদি৷ মই ভাবো আমাৰ কৰণীয় আৰু বহুত আছে এই ক্ষেত্ৰত৷
এতিয়া অন্য এটা কথালৈ অহা যাওক৷ মই এটা কথা বিশ্বাস কৰো যে শংকৰদেৱ বিশ্বৰ এক বিৰল প্ৰতিভা৷ কিন্তু যধেমধে শংকৰদেৱক অসমীয়া জাতিৰ পিতা, শংকৰদেৱে অসমীয়াক সংস্কৃতি দিলে, ভাষা দিলে, শংকৰদেৱ বিশ্বৰ আটাইতকৈ প্ৰতিভাশালী মানুহ জাতীয় কথাবোৰ কোৱা উচিত নহয়৷ উদাহৰণ হিচাবে আজি কিছুদিন আগতে মই ফেইচবুকত লিখিছিলো যে নাট্যকাৰ হিচাবে শংকৰদেৱতকৈ চেইকছপীয়েৰ শ্ৰেষ্ঠ৷ মোৰ কথাটো শুনি কিছুমানে জকজকাই উঠিল আৰু দুজনমানে সাপো মৰক লাঠিও নাভাঙক জাতীয় মন্তব্য দিলে৷ কোনেও কিন্তু মোৰ কথাটোৰ মৰ্মত প্ৰেৱশ কৰিবলৈ চেষ্টা নকৰিলে৷ শংকৰদেৱৰ প্ৰতিভা অতুলনীয় সঁচা, কিন্তু আপুনি চেইকছপীয়েৰৰ নাটকৰ মাজেৰে প্ৰতিভাত হোৱা জীৱন-জিজ্ঞাসাৰ লগত শংকৰদেৱৰ নাটকৰ জীৱন-জিজ্ঞাসাক তুলনা নকৰিব৷ চেকছপীয়েৰৰ মাজত প্ৰত্যেক মানুহেই সহজতে নিজকে বিচাৰি পায়, তাৰ বিপৰীতে শংকৰদেৱে দেৱ-দেৱতাক লৈ নাটক ৰচনা কৰিছে, তাৰ মাজত জীৱন-জিজ্ঞাসাক হয়তো কষ্টকৰভাবে কিছু বিচাৰি পোৱা যাব পাৰে৷
এইবাৰ বুদ্ধৰ কথা কোৱা যাওক৷ নিসন্দেহে বুদ্ধ মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠ মনীষী৷ শংকৰদেৱে আমাক সাহিত্যৰে চহকী কৰিছে, আমাৰ ভাষাক ধনী কৰিছে আৰু আমাক এটা ধৰ্ম দিছে৷ তাৰ বিপৰীতে বুদ্ধই কিন্তু মানুহক এটা পথ দিছিল৷ এটা মানৱীয় পথ৷ বিশ্বৰ মহত্বম আত্মা বুদ্ধৰ লগত আন কাকোৱে তুলনা কৰা উচিত নহব৷
মহাপুৰুষ শংকৰদেৱক বহুতে লিওনাৰ্ড ডা ভিন্সিৰ লগত তুলনা কৰে৷ এই কথাটো মানি লব পাৰি৷ শংকৰদেৱ মহান পুৰুষ, তেও পতিত সমাজ এখনক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিল৷ তেওঁ সাহিত্য সৃষ্টি কৰিছিল, নাট-ভাৱনা কৰিছিল, সংগীত সৃষ্টি কৰিছিল৷ বহুমুখী প্ৰতিভা হিচাপে তেওঁ বিশ্ব-প্ৰতিভা৷ হয়তো অসমীয়াৰ দৰে এটা সৰু-নাতিখ্যাত ভাষিক সম্প্ৰদায়ত নজন্মিলে তেওঁ বিশ্বৰ সকলো প্ৰান্ততে বিখ্যাত হলহেতেন৷ কিন্তু যথোপযুক্ত প্ৰচাৰৰ অভাৱত শংকৰদেৱে বিশ্বজোৰা স্বীকৃতি এতিয়াও পাবলৈ সক্ষম হোৱা নাই৷
আলোচনা সদায়ে যাথাৰ্থ হব লাগে৷ কাকোৱে প্ৰাপ্যৰ পৰা বঞ্ছিত কৰিব নালাগে আৰু কাকোৱো প্ৰাপ্যতকৈ অধিক প্ৰদান কৰিব নালাগে৷ শংকৰদেৱৰ নামত আৱেগিক হৈ আবোল-তাবোল বকা মানুহ অসমত দেধাৰ ওলাব৷ কিন্তু শংকৰদেৱক সমালোচনাৰে পুৰি বেছি উজ্জ্বল কৰাৰ প্ৰচেষ্টা কোনেও কৰিবলৈ আগ্ৰহী নহয়৷ বহুদিন আগতে মণি-কাঞ্চননামৰ এখন আলোচনীত প্ৰায়ত মহেশ্বৰ নেওগে এটা বৰ সাধাৰণ স্তৰৰ কথা কৈছিল৷ তেওঁ কৈছিল যে শংকৰদেৱৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতি (সোঁৱৰণীৰ পৰা দিছো, অলপ ভুল হব পাৰে)৷ নেওগদেৱৰ এনে এটা কথা মানি লব কোনো কাৰণতেই নোৱাৰি৷ তাৰোপৰি বহুতে আৱেগত উথলি উঠি কোৱাৰ দৰে শংকৰদেৱ অসমীয়া সাহিত্যৰ পিতৃ, অসমীয়া ভাষাৰ পিতৃ জাতীয় কথাবোৰো মানি লোৱা উচিত নহয়৷ আনকি ব্যক্তিগতভাৱে মই শংকৰাব্দ নামৰ বছৰ গণনা পদ্ধতিটোও সমৰ্থন নকৰো৷ কিয় নকৰো তাৰ এটা কাৰণ আছে কিন্তু৷

(মূল-সাহিত্য ডট অৰ্গ)


No comments:

Post a Comment