শালমাৰী দীঘলী্য়া যুৱ সঙ্ঘৰ বিষয়ে

শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক, বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি, বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ, কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো ৷

Monday, 4 February 2013

ৰাজ্যসভাৰ সদস্য আৰু উত্তৰ-পূৰ্বাঞ্চল


                                      -টুৱাৰাম দত্ত        
    

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ নীতি-নিৰ্ধাৰক সিদ্ধান্ত লবৰ সময়ত ৰাজ্যসভাৰ সদস্যসকলৰ প্ৰভাৱ যথেষ্ট থাকে ৷ একোজন অধ্যয়নপুষ্ট, চিন্তাশীল, গুণী ৰাজ্যসভাৰ সদস্যই বিভিন্ন সময়ত তেখেতৰ গঠনমূলক তথা সুচিন্তিত পৰামৰ্শৰ দ্বাৰা চৰকাৰখনক গতিশীল, সক্ৰিয় আৰু উদেশ্যমুখী কাৰ্যসূচী তৈয়াৰ কৰাত অপৰিসীম বৰঙণি যোগাব পাৰে ৷ ৰাজ্যসভাৰ মাননীয় সদস্যসকলৰ পৰা এনেধৰণৰ যোগাত্মক সঁহাৰি আশা কৰিয়েই বিভিন্ন ক্ষেত্ৰত অৰ্জন কৰা দক্ষতা , অভিজ্ঞতাৰে পৰিপুষ্ট অৰাজনৈতিক ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰিব পৰা ব্যৱস্থা আছে দেশৰ সংবিধানত আছে ৷ তেনে ব্যৱস্থাৰ মাজেৰে লতা মংগেশকাৰ, জয়া ভাদুড়ী, শচীন তেণ্ডুলকাৰ আদিয়ে ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছে ৷ তেওঁলোকে দীৰ্ঘ দিনধৰি জড়িত থকা নিজ নিজ ক্ষেত্ৰখনৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক নীতি-নিৰ্ধাৰনৰ সময়ত সহায় কৰিব পাৰে বা ইতিমধ্যে ভালেকেইজনে সহায় কৰি আহিছে ৷
আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ বেলিকা লক্ষ্য কৰিলে এটা কথা দুখেৰে অনুভৱ কৰা যায় এই অঞ্চলৰ পৰা ৰাজ্যসভালৈ মনোনীত সদস্য নাইয়েই। বিজেপিৰ শাসন কালত প্ৰয়াত সুধাকন্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ নাম ঘুনুক-ঘানাক কৈ ওলাইছিল যদিও তাৰ  বাস্তৱ প্ৰতিফলন নঘটিল।৷ শেহতীয়াকৈ ড০ মৃণাল মিৰিদেৱ মনোনীত হোৱাটো অঞ্চলটোৰ বাবেই আশাব্যঞ্জক খবৰ ৷ কিন্তু আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলত যোগ্য ব্যক্তি ভালেকেইজন আছে ৷ বিশিষ্ট অৰ্থনীতিবিদ ড: জয়ন্ত মাধৱ, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ কাকতি আদিৰ দৰে বিচাৰি চালে ভালেকেইজন ব্যক্তিয়েই ৰাজ্যসভালৈ মনোনীত হবৰ উপযুক্ত আৰু যোগ্য ৷ তেওঁলোকৰ দৰে ব্যক্তিয়ে সুবিধা পালে অঞ্চলটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সংসদত উপস্থাপন হোৱাৰ লগতে  কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰি সামগ্ৰিকভাৱে অঞ্চলটোৰ উন্নয়নত অৰিহণা যোগোৱাৰ পথ প্ৰশস্ত হব পাৰে।কোনোবাই এনে একোটা বিষয় লৈ কেতিয়াবা মূৰ ঘমাবনে ?

আমাৰ অসমত ৰাজ্যসভাৰ সদস্য পদ এটা যেতিয়া খালী হয় আমি কি দেখো  শাসনত থকা দলটোৱে (শাসক দলৰ বাবে বিধানসভাৰ মজিয়াত ৰাজ্যসভাৰ প্ৰাৰ্থীজন জিকোৱাৰ সম্ভাৱনা বেছি ) বিধানসভা বা লোকসভাৰ নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়ে  বা কেতিয়াবা দলৰ ভিতৰত সমস্যাৰ সৃষ্টি কৰি দল বা চৰকাৰৰ হানি কৰিব পৰা প্ৰভাৱশালী ব্যক্তিক সন্তুষ্ট কৰি ৰাখিবৰ বাবে কোনো নেতা বা লোকক প্ৰাৰ্থিত্ব দিয়া হয় ৷ কিন্তু এই ধৰণৰ কথা-কাণ্ডবোৰ কিমানদূৰ যুক্তিসংগত ? কংগ্ৰেছ, অগপ, বিজেপি যি দলেই নহওক দলীয় ৰাজনীতিৰ ঊৰ্ধত সমগ্ৰ ৰাজ্যখন বা অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত এজন প্ৰকৃতাৰ্থত চিন্তাশীল, গুণী ব্যক্তিক নিৰ্বাচিত কৰি ৰজ্যসভালৈ পঠিয়াব নোৱাৰাৰ কিবা যুক্তি থাকিব পাৰেনে ? যুক্তিৰ খাতিৰত মানি লোৱা হল মনোনীত সদস্যৰ ক্ষেত্ৰত অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক প্ৰভাৱহীনতাৰ বাবেই নতুন দিল্লীয়ে আমাক অৱজ্ঞা কৰিব ৷ ৰাষ্ট্ৰীয় ৰাজনীতিত বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদিৰ দৰে আমাৰ প্ৰভাৱ যিহেতু শক্তিশালী নহয় গতিকে এনেধৰণৰ উপেক্ষা গ্ৰহণ কৰাৰ বাদে আমাৰ অন্য উপায় নাই ৷ কিন্তু আমি নিজেই বিধানসভাৰ সদস্যৰ দ্বাৰা নিৰ্বাচিত কৰি ৰাজ্যসভালৈ পঠিয়াব পৰা সদস্যৰ ক্ষেত্ৰত কিয় সঠিক আৰু সুস্থিৰ সিদ্ধান্ত লব পৰা নাযায় ?
আমি কি কৰিব পাৰো ? সাধাৰণ নাগৰিক হিচাপে আমি কি কৰা উচিত ? প্ৰত্যেকটো বিধানসভা বা লোকসভাৰ নিৰ্বাচনৰ আগে আগে আমি প্ৰতিটো দলক প্ৰশ্ন কৰা উচি আপোনালোকে সুবিধা পালে ৰাজ্যসভালৈ কাক পঠিয়াব? সেইটো প্ৰথমে স্পষ্ট কৰক।৷ প্ৰয়োজন হলে আগতীয়াকৈ ৰাজ্যসভাৰ প্ৰাৰ্থীজনৰ নাম ঘোষণা কৰক।৷ ৰাজ্যসভাৰ সদস্য পদ এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদ ৷ ই বিচৰাখিনি নেপাই মুখ ওফোন্দাই থকা অসন্তুষ্ট ৰাজনীতিবিদৰ খেলাৰ পুতলা নহয় ৷ ৰাজ্যসভালৈ মন মেলি থকা তোমালোকৰ প্ৰাৰ্থীজন কিমান যোগ্য? তেওঁৰ অসমৰ সাম্প্ৰতিক সমস্যা বা সংকটৰ বিষয়ে অধ্যয়ন আছেনে ? অসমৰ কথা বলিষ্ঠভাৱে সংসদত উপস্থাপন কৰিব পাৰিবনে ? দিল্লীৰ মছনদত বুকু ডাঠ কৰি অসমৰ স্বাৰ্থৰ হকে কাম কৰিব পাৰিবনে ?
এটা কথা অস্বীকাৰ কৰি লাভ নাই যে ৰাষ্ট্ৰীয় ৰাজনীতিত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চল প্ৰভাৱহীন ৷ স্বয়ং প্ৰধানমন্ত্ৰীয়েই অসমৰ প্ৰতিনিধি, কথাষাৰ শুনিবলৈ যিমান শুৱলা সিমানেই অৰ্থহীন, সেয়া যোৱা সাত-আঠ বছৰৰ অভিজ্ঞতাৰ পৰা সকলোৱে একেমুখে স্বীকাৰ কৰিব ৷ বিগত সাত-আঠ বছৰে অসমৰ পৰা এজনো কেবিনেট পৰ্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী নাই ৷ স্বতন্ত্ৰ দ্বায়িত্বৰ ৰাজ্যিক মন্ত্ৰীজনৰ স্বতন্ত্ৰতা পৰিহাৰ কৰি কেৱল ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হল ৷ মেঘালয়ৰ মন্ত্ৰীজনৰ মন্ত্ৰিত্ব কৰ্তন কৰি অৰুণাচলৰ এজনক দিয়া হল ৷ একে অঞ্চলৰ বুলি গুজৰাটৰ এজনৰ মন্ত্ৰিত্ব কৰ্তন কৰি মহাৰাষ্ট্ৰৰ এজনক মন্ত্ৰীত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে সাহস কৰিব পাৰিবনে ?
আমাৰ সংবাদ মাধ্যমেও এইক্ষেত্ৰত এক শক্তিশালী জনমত গঠন কৰিবলৈ আগবাঢ়ি অহা উচিত ৷ ৰাজ্যসভাৰ সদস্য এজন অযথা হুলস্থূলৰ সৃষ্টি কৰা তৰাং চিন্তাধাৰাৰ তুলুঙা ব্যক্তি নহয় ৷ ৰাজনৈতিক মুনাফাৰ আশাত অনাহক ইছ্যুৰ সৃষ্টি কৰা ব্যক্তিও হব নোৱাৰে ৷ সমস্যা এটাক দীৰ্ঘ দিন জীয়াই ৰাখি কেৱল ৰাজনীতিৰ ৰঙীন বিতচকুৰে লাভালাভৰ আকাংক্ষাৰে পৰিচালিত ব্যক্তিও হব নোৱাৰে ৷ এইটো এটা সন্মানীয় পদ ৷ ইয়াত উপযুক্ত আৰু যোগ্য ব্যক্তি নিৰ্বাচিত হবই লাগিব ৷ তদুপৰি মনোনীত অৰাজনৈতিক সদস্যৰ ক্ষেত্ৰত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলে প্ৰকৃত প্ৰতিনিধিত্ব পাব লাগিব |

(মূল-সাহিত্য ডট অৰ্গ)



No comments:

Post a Comment