-জয়শ্ৰী মেচ
আলাপ হৃদয়ৰ বাগ্ময়তাৰ
হ’তে
আলাপ কবিতাৰ
চন্দোময়তাৰ হ’তে
আলাপ প্ৰেমৰ হ’তে
আলাপ অপ্ৰেমৰ হ’তেও
কিমান যে আলাপ কৰো
আমি
ক’তবোৰ আলাপত উজুটি খাওঁ
ক’তবোৰ আলাপত হেৰাই যাওঁ
কেতিয়াবা নিচেই ওচৰৰ
মানুহ
বহু দূৰৈৰ যেন হৈ
পৰো…..|
আলাপত হ’ব পাৰে অচিনাকিও চিনাকি
আলাপত হ’ব পাৰে চিনাকিও অচিনাকি
তোমাৰ হ’তে আলাপত হ’ততেও
হেৰাই যাওঁ মই
আলাপৰ অন্তত তোমাৰ
পৰা মোৰলৈ
ওভতি আহোতে বহু পৰ
লাগে
বিমোগ্ধতাৰে ব্যস্ত
হৈ থাকো কবিতাৰ হ’তে
একো একোতা নিদ্ৰাহীন
দীঘল ৰাতি
হুমনিয়াহ বোৰ হেৰাই
যায় ক’ৰবাত
ৰৈ যায় সকলোবোৰ
আলাপত ভাগ ল’বলে
আকাশ, বতাহ, জোন,
বেলি তৰা....
আলাপ কবিতাৰ পৰা
কবিতালৈ
আলাপ গানৰ পৰা গানলৈ
আলাপ শুৱৰণিৰ পৰা
বৰ্তমানলৈ
আলাপ সপোনৰ পৰা
দিঠকলৈ
আলাপ জীৱনৰ পৰা
মৃত্যুলৈ.....
আলাপ তোমাৰ পৰা
মোলৈ.....||
No comments:
Post a Comment